বিটিচিৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত খোৰাঘাট নামাপাৰা গাঁৱৰ আমিৰ আলীৰ পঞ্চম শ্ৰেণী অধ্যনৰত পুত্ৰ নাজিমূল ইছলামে মঙলবাৰে আবেলি ঘৰৰ ওলাউ নিৰুদ্দেশ হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

উল্লেখ্য যে ১৩ বছৰীয়া নাজিমূল ইছলামে যোৱাকালি নিজ ঘৰৰ পৰা খোৰাঘাট অভাৰ ব্ৰীজৰ ফালে কাকো একো নজনোৱাকৈ ওলাই গৈছিল কিন্তু বিগত দুই দিন উকলি গ’ল যদিও নাজিমূল ইছলাম ঘৰলৈ উভতি ন অহাত পৰিয়ালৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে।ইতিমধ্যে পৰিয়ালৰ লোকে বগৰীবাৰী আৰক্ষী থানাত নিৰুদ্দেশৰ ঘটনা সন্দৰ্ভত এখন লিখিত অভিযোগ দাখিল কৰিছে।

কিশোৰ জনৰ যদি কোনোবা হৃদয়বান ব্যক্তিয়ে সন্ধান পাই তেনেহলে নিকটবৰ্তী বগৰীবাৰী থানা অথবা 9101265861নম্বৰত যোগাযোগ কৰিবলৈপৰিয়ালে কাতৰ আহ্বান জনাইছে।












Leave a Reply