কেন্দ্ৰৰ পৰা সাহায্য অনাত ব্যৰ্থ মুখ্যমন্ত্ৰীঃ  অখিল গগৈ

বানপীড়িত পৰিয়ালসমূহৰ দুৰ্দশাৰ আলোকচিত্ৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনাই বিধায়কগৰাকীয়ে।

অসমৰ শেহতীয়া বান পৰিস্থিতিক লৈ শিৱসাগৰত এখন গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। সংবাদমেলত তেওঁ বানাক্ৰান্ত লোকসকলৰ দুৰ্দশাৰ দৃশ্য প্ৰদৰ্শন কৰাৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে।

সংবাদমেলৰ আৰম্ভণিতে বিধায়কগৰাকীয়ে অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰাৰ সিদ্ধান্তৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনায়। ইয়াৰ লগে লগে তেওঁ দাবী জনায় যে ৰাজ্যৰ বানৰ ফলত ক্ষতিগ্ৰস্ত হোৱা প্ৰত্যেকগৰাকী মহিলাক বিনাচৰ্তে অৰুণোদয় আঁচনিৰ আওতালৈ আনিব লাগে।

বিধায়কগৰাকীয়ে উল্লেখ কৰে যে, কেৱল শিৱসাগৰ সমষ্টিতেই প্ৰায় ৪০,০০০ পৰিয়াল বানত প্ৰত্যক্ষভাৱে ক্ষতিগ্ৰস্ত হৈছে। সংহাৰী বানৰ ফলত মধ্যবিত্ত পৰিয়ালসমূহৰ উপৰিও সাধাৰণ জনজীৱন সম্পূৰ্ণৰূপে ছাৰখাৰ হৈ পৰিছে। শিৱসাগৰ আৰু নাজিৰাৰ প্ৰত্যেকটো পৰিয়াল অৰ্থনৈতিকভাৱে প্ৰায় ২০ বছৰ পিছুৱাই গ’ল বুলি উল্লেখ কৰি তেওঁ কয় যে-বানে অঞ্চলটোৰ এটা সমগ্ৰ প্ৰজন্মকে বিপন্ন কৰি তুলিলে।

ইপিনে চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ বিধায়কগৰাকীয়ে কয় যে- প্ৰতিটো বানপীড়িত পৰিয়ালক ১০ লাখ টকাকৈ এককালীন ক্ষতিপূৰণ প্ৰদান কৰিব লাগে। লোকসকলৰ যিমান বিস্তৰ ক্ষতি হৈছে, তাৰ তুলনাত ১০ লাখ টকাও কম। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা ১৫,০০০ টকীয়া সাহায্য বানপীড়িত ৰাইজৰ বাবে এক প্ৰকাৰ অপমান সদৃশ। শিৱসাগৰ সমষ্টিৰ পুনৰ্নিৰ্মাণ আৰু সাহায্যৰ বাবে কেন্দ্ৰীয় চৰকাৰে অবিলম্বে ৪০০ কোটি টকাৰ বিশেষ পেকেজ প্ৰদান কৰিব লাগে।

Leave a Reply

Your email address will not be published. Required fields are marked *