জামুগুৰিহাটৰ পৰা অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ অসম ৰাজ্যিক সমিতিৰ এটি সজাতি দল গৈ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানাক্ৰান্ত ৰাইজৰ মাজত কিছু আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে৷
অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি ভক্ত বাহাদুৰ প্ৰধান আৰু মুখ্য সচিব নীল কমল নেৱাৰৰ নেতৃত্বত যোৱা নেৱাৰ সংগঠনৰ সজাতি দলটোৱে কিছু আৰ্থিক সাহাৰ্য্য সহ শিৱসাগৰ আৰু চৰাইদেউৰ অতিকৈ ক্ষতিগ্ৰস্ত হোৱা গাঁও সমুহত উপস্থিত হৈ প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্ত পৰিয়াল সমুহক কিছু আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে।

ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত থকা নেৱাৰ সংগঠন সমুহ তথা নেৱাৰ সমাজৰ ফালৰ পৰা আগবঢ়োৱা আৰ্থিক সাহাৰ্য্যৰ বাবে ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক নীল কমল নেৱাৰে ।












Leave a Reply