যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে Eco Sensetive zone ১ কিলোমিটাৰ বিপৰীতে ১০ কিলোমিটাৰ হ’ব লাগে বুলি যি মন্তব্য কৰিছিল তাকে লৈ ক্ষোভিত ৰাইজে সাব্যস্ত কৰে এই প্ৰতিবাদ।কাজিৰঙাৰ স্থানীয় ৰাইজৰ লগতে অৰ্ধ নগ্ন হৈ প্ৰতিবাদ কলিয়াবৰৰ দাতিকাষৰীয়া কাৰ্বি আংলং ৰ বিভিন্ন দল সংগঠনে।

কলিয়াবৰ কুঠৰীৰ পৰা বাগৰিলৈ শ শ লোক ওলাই আহি বৃহৎ পদযাত্ৰাৰে হাতে হাতে প্লে কাৰ্ড লৈ সাব্যস্ত কৰে এই প্ৰতিবাদ।কাজিৰঙাৰ ৰাইজে গৌৰৱ গগৈক টোলাধুনা দিয়াৰ লগতে কিন্তু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধিন অসম চৰকাৰক ধন্যৱাদ জ্ঞাপন কৰিছে। গৌৰৱ গগৈয়ে কাজিৰঙাৰ ৰাইজৰ দুখ-সুখ কি বুজিব। ১০ কিলোমিটাৰ Eco Sensetive Zone হলে আমি কেনেকৈ জিয়াই থাকিম। আমাক শান্তিৰে জিয়াই থাকিব দিয়ক বুলি মন্তব্য কৰে কাজিৰঙাবাসী ৰাইজে।












Leave a Reply