আজি অসম চৰকাৰৰ স্বাস্থ্য তথা পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে ১২ কোটি ব্যায় সাপেক্ষে নিৰ্মিত সৰভোগ মহকুমা অসামৰিক চিকিৎসালয়খনৰ নতুন ভৱন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰাৰ লগতে বৰনগৰীয়া ৰাইজক উচৰ্গা কৰে৷ জানিবলৈ পোৱা অনুসৰি ২০১৯ চনৰ ৬ নৱেম্বৰ তাৰিখে সেইসময়ৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বৰ্তমানৰ অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে একেলগে সৰভোগ মহকুমা অসামৰিক চিকিৎসালয় খনৰ আধাৰশিলা স্থাপন কৰিছিলে৷

আজি বহুদিন বিৰতিৰ পিছত অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ উপস্থিতিত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে ১২ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হোৱা চিকিৎসালয় খনৰ নতুন ভৱনৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰি বৰনগৰীয়া ৰাইজক উচৰ্গা কৰে৷ইয়াৰ বাবে অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে মন্ত্ৰী গৰাকীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে৷













Leave a Reply