গুৱাহাটীত অনুষ্ঠিত ৰাষ্ট্ৰীয় মাৰ্শ্বেল আৰ্টছ গেমছত ওৰাঙৰ হিমাংশু ৰেগমীৰ কৃতিত্ব

গুৱাহাটীত অনুষ্ঠিত 5th IASGF All India National Martial Arts Games–2026-ত অংশগ্ৰহণ কৰি ওৰাঙৰ চমুৱাগাঁৱৰ প্ৰতিভাৱান খেলুৱৈ হিমাংশু ৰেগমীয়ে উল্লেখযোগ্য প্ৰদৰ্শন কৰিছে।দেশৰ বিভিন্ন ৰাজ্যৰ প্ৰতিযোগীৰ সৈতে তীব্ৰ প্ৰতিদ্বন্দ্বিতা কৰি হিমাংশুৱে প্ৰতিযোগিতাৰ শেষ ৰাউণ্ড পৰ্যায়ত উপনিত হয় ।খেলুৱৈ গৰাকীয়ে শেষ ৰাউণ্ডত জয়লাভ কৰিব নোৱাৰিলে, তেওঁৰ সাহস, দক্ষতা আৰু উৎকৃষ্ট প্ৰদৰ্শনে দৰ্শক তথা ক্ৰীড়াপ্ৰেমীৰ প্ৰশংসা লাভ কৰিবলৈ সম হয়।

ওৰাং চমুৱাগাওঁ নিবাসী প্ৰদীপ শৰ্মা আৰু সুনীতা দেৱীৰ একমাত্ৰ সন্তান হিমাংশু ৰেগমী। সৰুৰে পৰাই মাৰ্শ্বেল আৰ্টছৰ প্ৰতি আগ্ৰহী হিমাংশুৱে নিয়মীয়া অনুশীলন আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হৈছে।হিমাংশুৰ এই সাফল্যই তেওঁৰ পৰিয়াল, ওৰাং অঞ্চল তথা সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *