লাহোৱালত এগৰাকী ছাত্ৰীৰ নিৰুদ্দেশ

লাহোৱালৰ বেবেজীয়াৰ পৰা পৰিস্মিতা দাস নামৰ এগৰাকী ছাত্ৰী সন্ধানহীন হোৱাৰ খবৰে অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে।প্রাপ্ত খবৰ মতে, যোৱা ১৯ জুলাইৰ পুৱা প্ৰাতঃভ্ৰমণ কৰিবলৈ ওলাই যোৱাৰ পিছৰে পৰাই ছাত্ৰীগৰাকী কোনো সন্ধান ওলোৱা নাই। সন্ধানহীন পৰিস্মিতা দাস হৈছে অঞ্চলটোৰ প্ৰয়াত দুলাল দাস আৰু অমৃতপ্ৰভা দাসৰ দ্বিতীয়গৰাকী কন্যা।

বহু সময় ধৰি ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰে আৰু আত্মীয়-স্বজনৰ ঘৰতো সোধ-পোছ কৰে, কিন্তু ছাত্ৰীগৰাকীৰ কোনো সম্ভেদ পোৱা নগ’ল। অৱশেষত উপায়হীন হৈ পৰিয়ালে স্থানীয় আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।যদি কোনো ব্যক্তিয়ে ছাত্ৰীগৰাকীৰ সন্ধান পায় বা কিবা তথ্য জানে, তেন্তে ৮৪৭২৯৯৬৭ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোক তথা আৰক্ষীয়ে কাতৰ আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *