নেৰানেপেৰা বৰষুণৰ ফলত শিৱসাগৰ জিলাৰ নাজিৰাত দিখৌ নৈৰ জলস্তৰে বিপদসীমা অতিক্ৰম কৰি এক ভয়ংকৰ ৰূপ কৰিছে। দিখৌ নৈৰ বাঢ়নী পানীয়ে কালৰূপ ধাৰণ কৰাৰ ফলত নাজিৰা আৰু ইয়াৰ আশে-পাশে থকা কেইবাটাও অঞ্চল এতিয়া সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে।

পৰিস্থিতি এনে ভয়াৱহ হৈছে গৈ যে বহু স্থানত দিখৌ নৈৰ মথাউৰিৰ ওপৰেৰে তীব্ৰ বেগেৰে বাগৰিছে বাঢ়নী পানী।ৰে’ল যোগাযোগ ব্যাহত হোৱাৰ লগতে উভালি পৰে বৈদ্যুতিক খুঁটা। দিখৌ নৈৰ এই সংহাৰী ৰূপে নাজিৰা অঞ্চলত ৰে’ল সংযোগ সম্পূৰ্ণৰূপে বিছিন্ন কৰি পেলাইছে। লগতে ৰে’ল আলিৰ ওপৰেৰে বাগৰিছে পানী। ইয়াৰ পৰিপ্ৰেক্ষিতত যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূব সীমান্ত ৰে’লৱেই কেইবাখনো যাত্ৰীবাহী ৰে’লৰ যাত্ৰা তাৎক্ষণিকভাৱে বাতিল কৰিবলগীয়া হৈছে।

ঘৰ-দুৱাৰ, পশুধনৰ আশ্ৰয়স্থলী সম্পূৰ্ণৰূপে বানৰ গ্ৰাসত পৰিছে। খোৱাপানী আৰু খাদ্যৰ বাবে এতিয়া বানাক্ৰান্ত ৰাইজৰ মাজত হাহাকাৰ। উদ্ধাৰ অভিযানত প্ৰশাসন পৰিস্থিতিৰ ভয়াৱহতা অনুধাৱন কৰি জিলা প্ৰশাসন, এছ ডি আৰ এফ আৰু স্থানীয় স্বেচ্ছাসেৱী বাহিনীয়ে যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।













Leave a Reply