আজি প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে দেশৰ প্ৰথমখন হাইড্ৰ’জেন চালিত ৰে’ল

আন এক ইতিহাসৰ সাক্ষী হ’লভাৰত ! জিন্দ আৰু ছ’নিপতৰ মাজত ভাৰতৰ প্ৰথমখন স্বদেশী প্ৰযুক্তিৰে নিৰ্মিত হাইড্ৰ’জেনচালিত ৰে’লৰ শুভ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। 

হাৰিয়ানাৰ জিন্দ-ছ’নিপত ৰুটত চলিব এই অত্যাধুনিক ৰে’লখন। প্ৰায় ৯০ কিলোমিটাৰ পথ অতিক্ৰম কৰিবলৈ প্ৰায় দুঘণ্টা সময় লাগিব এই ৰে’লখনক। ১০টা ডবাযুক্ত এই ৰে’লখনে পথত ১১টা ষ্টেচনত ৰৈ যাত্ৰীক সেৱা আগবঢ়াব। যাত্ৰীসকলৰ বাবে এই ৰে’লখনত থাকিব স্বয়ংক্ৰিয় দুৱাৰ, ডি চি এয়াৰ কণ্ডিচনিং, আৰামদায়ক আসনকে ধৰি বহু আধুনিক সুবিধা।

ৰে’লখনত উন্নত হাইড্ৰ’জেন ফুৱেল চেল প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। যিয়ে হাইড্ৰ’জেনক বিদ্যুতলৈ ৰূপান্তৰিত কৰি ৰে’লখনক গতিশীল কৰি ৰাখে আৰু জলীয় বাষ্প উৎপন্ন হয়। ফলত এই ট্ৰেইনখনৰ পৰা কোনো ধৰণৰ কাৰ্বন নিৰ্গমন নহয়। 

Leave a Reply

Your email address will not be published. Required fields are marked *