স্বাস্থ্যৰ চৰম অৱনতি সোনম ৱাংচুকৰ!

লাডাখৰ পৰিৱেশবিদ তথা সমাজকৰ্মী সোনম ৱাংচুকৰ অনশনে ১৭দিন পাৰ কৰিছে। ইয়াৰ ফলত তেওঁৰ স্বাস্থ্যৰ চৰম অৱনতি ঘটিছে।

১৭ দিনীয়া সুদীৰ্ঘ অনশনৰ ফলত সোনম ৱাংচুকৰ শৰীৰৰ ওজন এতিয়ালৈকে ৮.৫ কিলোগ্ৰাম (kg) হ্ৰাস পাইছে। ইয়াৰ ফলত তেওঁ শাৰীৰিকভাৱে অত্যন্ত দুৰ্বল হৈ পৰিছে। আদালতত দাখিল কৰা আবেদনখনত তেওঁৰ শেহতীয়া চিকিৎসা প্ৰতিবেদনৰ উদ্ধৃতি দি দাবী কৰা হৈছে যে যদিহে তেওঁৰ এই অনশন শীঘ্ৰে বন্ধ কৰা নহয়। তেন্তে অহা দুদিনৰ (৪৮ ঘণ্টা) ভিতৰতে তেওঁ মৃত্যুক সাৱটি ল’বলগীয়া হ’ব পাৰে !

আবেদনকাৰীয়ে দিল্লী উচ্চ ন্যায়ালয়ক অনুৰোধ জনাইছে যাতে আদালতে জিলা প্ৰশাসন আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক সোনম ৱাংচুকৰ অনশন বলপূৰ্বকভাৱে হ’লেও যাতে ভংগ কৰাবলৈ নিৰ্দেশ দিয়ে। লগতে তেওঁক জৰুৰীকালীন চিকিৎসা সেৱা আৰু খাদ্য যোগান ধৰাৰ বাবেও প্ৰশাসনক নিৰ্দেশ দিবলৈ আৰ্জি জনোৱা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *