গোলাঘাটৰ কৃষকৰ ভূমিত চিৰাল ফাট মেলাত চিন্তাত পৰিছে কৃষকসকল৷ খৰাঙৰ কৱলত গোলাঘাটৰ শিঙিজান পথাৰকে ধৰি জিলাখনৰ বিভিন্ন এলেকাৰ শ শ বিঘা কৃষি ভূমি৷ জলসিঞ্চনৰ কোনোধৰণৰ ব্যৱস্থা নথকাত এতিয়া মূৰে-কঁপালে হাত দিব লগা হৈছে কৃষকসকলে ৷

ইফালে, গোলাঘাট জিলাৰ বিভিন্ন এলেকাৰ লগতে ফৰকাটিংৰ শিঙিজান পথাৰত খৰাঙৰ বাবে কৃষিভূমিত মেলিছে চিৰাল ফাট৷ আহাৰ মাহৰ ভৰ বাৰিষাৰ সময়তো পথাৰত পানীৰ অভাৱৰ বাবে এতিয়া হাহাকাৰ কৰিবলগা হৈছে কৃষকসকলে ৷ ৰাজ্য চৰকাৰৰ বিয়াগোম জলসিঞ্চন বিভাগ থকাৰ পাছতো শ শ বিঘা কৃষিভূমিত নাই কোনো ধৰণৰ ব্যৱস্থা৷
মন্ত্ৰী অজন্তা নেওগৰ গৃহ সমষ্টি গোলাঘাটত এতিয়া জলসিঞ্চনৰ কোনো সুব্যৱস্থা নথকাত একপ্ৰকাৰ ক্ষোভ উজাৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদুৎ শইকীয়াই৷ নেতাগৰাকীৰ মতে, ২০২১ ৰ পৰা ২০২৬লৈ পথাৰত পানী দিয়াৰ নামত ১০,১৩৮ কোটি টকাৰ ধন আৱন্টন দিছে যদিও গোলাঘাট জিলাখনত কোনোধৰণৰ জলসিঞ্চনৰ সুব্যৱস্থা নথকাত এতিয়া কৃষকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে৷











Leave a Reply