তামুলপুৰৰ কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত নতুন এম্বুলেন্স সেৱাৰ শুভ উদ্বোধন। তামুলপুৰ ট্ৰাক মালিক সন্থাই বুধবৰে সন্ধিয়া ৰাইজৰ হকে উচৰ্গা কৰে এই এম্বুলেন্সখন। তামুলপুৰ ট্ৰাক মালিক সন্থাই আয়োজন কৰা এই আনুষ্ঠানিক মুকলি কাৰ্যসূচীত এম্বুলেন্স সেৱা মুকলি কৰে মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে।

তামুলপুৰ অঞ্চলৰ দৰিদ্ৰ আৰু আৰ্থিকভাৱে দুৰ্বল ৰাইজৰ চিকিৎসা সেৱা অধিক সহজলভ্য কৰাৰ উদ্দেশ্যে তামুলপুৰ মহকুমা ট্ৰাক মালিক সন্থাই কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়লৈ এখন এম্বুলেন্স আনুষ্ঠানিকভাৱে প্ৰদান কৰে ।অনুষ্ঠানত অংশ লয় কেবিনেট মন্ত্ৰী বিশ্বজিৎ দৈমাৰী,জিলা আয়ুক্ত চিমি কৰণ সহ জিলা প্ৰশাসনৰ লোকে। অনুষ্ঠানত অংশ লৈ অঞ্চলটোৰ বাট-পথ আৰু ক্ৰীড়াৰ ক্ষেত্ৰত থকা সম্ভৱনাক লৈয়ো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় বিশ্বজিত দৈমাৰীয়ে।













Leave a Reply