কামৰূপ একাডেমী প্রাক্তন ছাত্র সন্মিলন আৰু কামৰূপ একাডেমী উ:মা: বিদ্যালয়ৰ যৌথ উদ্যোগত কামৰূপ একাডেমী উ: মা: বিদ্যালয়ত অহা ৫জুলাই পৰা ১৫ জুলাইলৈকে শিক্ষানুষ্ঠানবোৰৰ গ্ৰীষ্মকালীন বন্ধৰ সময়চোৱাত গীত,উচ্চাৰণ আৰু আবৃত্তিৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে। কামৰূপ একাডেমী প্রাক্তন ছাত্র সন্মিলনৰ সভাপতি মৃগেন শৰণীয়া আৰু সাধাৰণ সম্পাদক প্ৰিন্স ফাইজুল হকে আজি আয়োজন কৰা সংবাদ মেলত এই সম্পর্কত কয়-প্ৰতিবৰ্ষৰ দৰে এইবেলি প্রাক্তন ছাত্র সন্মিলন আৰু বিদ্যালয়ৰ যৌথ উদ্যোগত অসমৰ কাব্যিক তথা সাংস্কৃতিক জগতৰ পাচঁ গৰাকী বৰেণ্য ব্যক্তি ভাৰতৰত্ন ড: ভূপেন হাজৰিকা,কেশৱ মহন্ত,ৰুদ্ৰ বৰুৱা,নবকান্ত বৰুৱা,দিলীপ শৰ্মাৰ জন্মশতবাৰ্ষিকী উপলক্ষে তেখেত সকলৰ গীতৰ প্ৰশিক্ষণ দিয়া হব।

উক্ত কৰ্মশালাতে অসমীয়া উচ্চাৰণ আৰু আবৃত্তিৰো প্ৰশিক্ষণৰ ব্যবস্থা কৰা হৈছে। এই কৰ্মশালাত মহানগৰীৰ লগতে অন্যান্য অঞ্চলৰ পঞ্চম শ্রেণীৰ ছাত্ৰ-ছাত্ৰীৰ পৰা সকলো বয়সৰ প্ৰশিক্ষাৰ্থীৰ বাবে মুকলি থাকিব। এই কৰ্মশালা সম্পূর্ণ বিনামূলীয়াকৈ অনুষ্ঠিত হব। কৰ্মশালাত গীতৰ প্ৰশিক্ষক হিচাপে উপস্থিত থাকিব বিশিষ্ট শিল্পী মনিষা হাজৰিকা,ঘনকান্ত ডেকা, মনদ্বীপ মহন্ত, অসীমজ্যোতি বৰুৱা আৰু উচ্চাৰণৰ লগতে আবৃত্তিত প্ৰশিক্ষক হিচাপে বিশিষ্ট আবৃত্তিকাৰ উপম শইকীয়া, বিপুল চক্ৰবৰ্তী,নিপাৰাণী হালৈ, আৰু উদ্ভাবন শইকীয়াই।
কামৰূপ একাডেমী বিদ্যালয়ৰ ছাত্র -ছাত্ৰীৰ বাবে কবিতা লিখা, আবৃত্তি, তৰ্ক আৰু আলোচনা বিষয়বোৰত অংশগ্রহণ কৰাৰ বাবে প্ৰস্তুত কৰি তোলাৰ ক্ষেত্রত বিদ্যালয়ত বিশেষ শ্ৰেণীৰ ব্যবস্থা কৰা হব বুলি প্ৰ প্রাক্তন ছাত্র সন্মিলনৰ সভাপতি আৰু সাধাৰণ সম্পাদকে মত প্রকাশ কৰে। শাৰিৰীক আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে বিদ্যালয়ৰ প্ৰত্যেক ছাত্র-ছাত্ৰীৰ বাবে যোগাসনৰ ব্যবস্থা কৰাৰ লগতে আগ্ৰহী ছাত্র-ছাত্ৰী সকলক ভলীবল, ক্ৰিকেট, ফুটবল, টেবুল টেনিছ আদি ক্ৰীড়া বিষয়তো বিদ্যালয় কৰ্তৃপক্ষৰ সহযোগত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হব। কামৰূপ একাডেমী বিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলৰ অসমীয়া ,ইংৰাজী ভাষাৰ বুৎপত্তি বাবে দুয়োটা ভাষাৰ শব্দ ভড়াল বৃদ্ধিৰ বাবেও ইতিমধ্যে প্ৰয়োজনীয় ব্যবস্থা গ্রহণ কৰা হৈছে। এই কাৰ্যসূচী বিদ্যালয়ৰ শিক্ষাগুৰু সকলে অতি সুন্দৰ আৰু পৰিপাতিকে আগবঢ়াই লৈ গৈছে। অনাগত দিনত দক্ষতা বিকাশৰ প্ৰশিক্ষণৰো ব্যবস্থা কৰা হব।

অহা ১৫ জুলাইত বিদ্যালয়ৰ ৯৬ তম প্ৰতিষ্ঠা দিৱসটি বিদ্যালয়ৰ কতৃপক্ষৰ লগত একত্রিত ভাবে উদযাপন কৰাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰা হৈছে। প্ৰত্যেক দিনা পুৱা ১০ বজাৰ পৰা দিনৰ ১ বজালৈ হবলগীয়া এই কৰ্মশালাৰ গীত, উচ্চাৰণ আৰু আবৃত্তিত প্ৰশিক্ষণ লব বিচৰা প্ৰশিক্ষাৰ্থী সকলক কামৰূপ একাডেমী উ:মা:বিদ্যালয়ৰ অধ্যক্ষ ৯৮৬৪০৪২০৩৩, অথবা বিৰাজ শৰ্মা, ,৮৬৩৮৯০৫৯৮৯, বিপিন বেজবৰুৱা ৯৬৭৮৫৮৫৫৯৫ নম্বৰত যোগাযোগ কৰিবলৈ সভাপতি আৰু সাধাৰণ সম্পাদকে অনুৰোধ জনাইছে। আজিৰ সংবাদ মেলত বিদ্যালয়ৰ অধ্যক্ষা স্মৃতি ৰেখা দেবী, প্রাক্তন ছাত্র সন্মিলনৰ মূখ্য উপদেষ্টা বলেন্দ্ৰ ভৰালী, বিশিষ্ট আবৃত্তিকাৰ তথা সন্মিলনৰ বিষয়ববীয়া উপম শইকীয়া, ৰাজেশ আহমেদো উপস্থিত থাকে। এক প্ৰেছ বাৰ্তাৰ জৰিয়তে এই কথা প্ৰচাৰ সম্পাদক বিপুল মজুমদাৰে জানিবলৈ দিয়ে।












Leave a Reply