জামুগুৰিহাটৰ আগ্ৰীপামত আজি সদৌ অসম মগৰ সংঘ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু শাখা সমিতিৰ সহযোগত সদ্যঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰী সকলৰ এক অভিনন্দন অনুষ্ঠান অনুষ্ঠানটিত হয়৷আগ্ৰীপামৰ মগৰ সংঘ ভৱনত শোণিতপুৰ জিলা মগৰ সংঘৰ সভাপতি দিলীপ কেপচাকিৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠান টিৰ আত ধৰে জিলা মগৰ সংঘৰ শিক্ষা সচিব কিৰণ থাপাই৷অভিনন্দন অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে বাসু থাপাই ।

অনুষ্ঠানটিত ২০ (বিশ) গৰাকীৰো অধিক কৃতি ছাত্ৰ ছাত্ৰীক একোখনকৈ ফুলাম গামোচাৰে অভিনন্দন জ্ঞাপন কৰি উজ্জ্বল ভৱিষ্যত কামনা কৰা হয়৷ ইয়াৰ লগতে অনুষ্ঠানৰ মুখ্য অতিথি বিটিচিৰ এম চি এল এ(MCLA) নন্দলাল ৰাণাকো বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন জনোৱা হয়।নিৰ্দ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক নবীন থাপাই সফল ছাত্ৰছাত্ৰী সকলক দেশৰ ভৱিষ্যত সু নাগৰিক হিচাবে প্ৰতিষ্ঠা কৰাত মনোনিৱেশ কৰিবলৈ আহৱান জনায়৷

বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে সদৌ অসম মগৰ সংঘ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি সঞ্জয় ৰাণা, কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক তৰুণ ৰাণা, ৰাষ্ট্ৰীয় মগৰ মহিলা সংঘৰ উপ সভানেত্ৰী দেৱমায়া থাপা, সদস্যা চন্দা থাপা, সদৌ অসম মগৰ সংঘ কেন্দ্ৰীয় সমিতিৰ সদস্যা ভৱানী থাপা, পশ্চিম মুঢ়াদল গাওঁ পঞ্চায়ত আঞ্চলিক সদস্যা ৰোচণী থাপা, দক্ষিণ মুঢ়াদল গাওঁ পঞ্চায়ত আঞ্চলিক সদস্যা অমৃতা আলেৰ লগতে বৰমতা বগাবিল শাখা সমিতিৰ সভাপতি ৰাম বাহাদুৰ থাপা আৰু সংঘৰ প্ৰাক্তন সম্পাদক ঠংগৰাজ থাপাকে ধৰি গণ্যমান্য ব্যক্তি সকলে৷












Leave a Reply