বৰগোলাইত কৃত্ৰিম বান পানী

আজি দীৰ্ঘ সময় ধৰি হোৱা মূষলধাৰ বৰষুণৰ ফলত তিনিচুকীয়া জিলাৰ ৮৩ নং মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত বৰগোলাই বাঁহবাৰী, লিডু মহাবিদ্যালয় আৰু বৰগোলাই চাৰি আলিৰ পৰা নেফা টি ইণ্ডাষ্ট্ৰীজৰ ওচৰলৈকে ৰাজপথত সৃষ্টি হৈছে কৃত্ৰিম বান।ৰাজপথ নে নদী চিনিবই নোৱাৰি।ঘাইপথ নহয় যেন বোৱতী নদী হে।ৰাজপথৰ ওপৰত সৃষ্টি হ’ল একাঠু পানী।যাৰ ফলত যান বাহন চলাচল কৰাত ব্যাপক অসুবিধাৰ সন্মুখীন হ’ব লগা হয়।সৃষ্টি হৈছে যান যট।

বৰগোলাই অঞ্চলৰ ঘাইপথত হোৱা এই কৃত্ৰিম বানৰ ফলত যাতায়ত ব্যৱস্থা বহু সময় ব্যাহত হৈ পৰা পৰিলক্ষিত হয়।কৃত্ৰিম বানৰ মাজতে বৰগোলাই চাৰি আলিৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ৰাইজে ধৰিলে এনেদৰে মাছ।পথৰ ওপৰত জাল মাৰি মাছ ধৰা দেখা গ’ল।আনহাতে এই কৃত্ৰিম বানৰ ফলত পথৰ কেইবাটাও পৰিয়ালৰ বাসগৃহত পানী সোমায়।

Leave a Reply

Your email address will not be published. Required fields are marked *