জামুগুৰিহাটৰ বালিজুৰিৰ উত্তৰ জামুগুৰি কেন্দ্ৰীয় অখণ্ড হৰি কীৰ্ত্তন সমিতিৰ আজি ৬৮ তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰাৰ লগতে নৱনিৰ্ম্মিত কাৰ্যালয়ৰ শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়।এই উপলক্ষে পুৱাই ধৰ্ম ধ্বজা উত্তোলন কৰে কেন্দ্ৰীয় অখণ্ড হৰি কীৰ্ত্তন সমিতিৰ সভাপতি তুলসী ভট্টৰায়ে ।

অনুষ্ঠানটিত অখণ্ড হৰি কীৰ্ত্তনৰ প্ৰতিষ্ঠাপক সকলক সুৱৰি স্মৃতি তৰ্পণো কৰা হয়৷
কেন্দ্ৰীয় অখণ্ড হৰি কীৰ্ত্তন সমিতিৰ নৱ নিৰ্ম্মিত মুখ্য কাৰ্যালয়টি শুভ উদ্বোধন কৰে উত্তৰ নাগশংকৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী দিলমণি দত্ত শইকীয়াই । ইয়াৰ পিছতে অনুষ্ঠিত হোৱা মুকলি সভাৰ পিছতে সন্ধিয়াৰ ভাগত ভজন কীৰ্ত্তনৰ জৰিয়তে অনুষ্ঠানটিৰ সামৰনি পৰিব বুলি জানিবলৈ দিয়ে কেন্দ্ৰীয় অখণ্ড হৰি কীৰ্ত্তন সমিতিৰ সম্পাদক কিশোৰ পৌড়েলে ।











Leave a Reply