জামুগুৰিহাটৰ উত্তৰাঞ্চলত বন্যহস্তীৰ সন্ত্ৰাস অব্যাহত

জামুগুৰিহাটৰ উত্তৰাঞ্চলত বিগত কিছুদিন ধৰি বন্যহস্তীৰ সন্ত্ৰাস অব্যাহত আছে। নামেৰী বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত নিশাৰ ভাগত ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰা ৬০/৭০জনীয়া বনৰীয়া হাতীৰ জাক এটাই বিগত কবাদিনো ধৰি জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ বামুনিপামৰ খেৰনি টাপুত পোৱালি সহ আশ্ৰয় লৈ থাকি বৰদিকৰাই
, খনবস্তি, বালিচাপৰি আদি গাও সমুহত চলালে সন্ত্ৰাস৷নষ্ট কৰিলে কৃষকৰ খেতি খোলা।

যাৰ ফলত ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে হাতী মনুহৰ সংঘাট৷ পিছত বনৰীয়া হাতীৰ জাকটো বনাঞ্চললৈ ওভতি যায় যদিও পুনৰ নামেৰী বনাঞ্চলৰ পৰা ওভতি অহা বনৰীয়া হাতীৰ জাকটোৱে যোৱা নিশাও খেৰনি অঞ্চলত উপদ্ৰৱ চলাই খেতিখোলা নষ্ট কৰাৰ লগতে ভাঙি পেলালে কৃষকৰ কেইবাটাও টঙীঘৰ।এইক্ষেত্ৰত বনবিভাগক খৱৰ দিয়াৰ পিছতে বন বিষয়া আৰু বনকৰ্মীৰ দল ঘটনাস্থলীত উপস্থিত হয় যদিও হাতীৰ জাকটোক দেখিবলৈ পোৱা নগল৷ বনবিষয়া গৰাকীয়ে প্ৰয়োজনীয় তদন্ততৰ ব্যস্হা কৰাৰ লগতে ক্ষতিগ্ৰস্ত ৰাইজক বিভাগীয় ভাবে উপযুক্ত ক্ষতিপূৰণ আদায় দিয়াৰ আশ্বাস প্ৰদান কৰে৷ লগতে বনৰীয়া হাতী প্ৰতিৰোধৰ বাবে বৈদ্যুতিক ফেঞ্চিং ৰ ব্যৱস্থা কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে৷
অঞ্চলটোৰ ৰাইজে বনবিভাগৰ উৰ্দ্ধতম কতৃপক্ষক শীঘ্ৰে বনৰীয়া হাতী প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈকো দাবী জনায়৷

Leave a Reply

Your email address will not be published. Required fields are marked *