বালিগাঁও মৰিয়া যুৱক সংঘৰ সৌজন্যত ঈদৰ উপলক্ষে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত

বালিগাঁও মৰিয়া যুৱক সংঘৰ সৌজন্যত ঈদ উপলক্ষে দক্ষিণপাট শঙ্কৰ-নানক-আজানপীৰ ক্ষেত্ৰত এদিনীয়া বণাঢ্য কায্যসূচীৰে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈ যায় ৷ উক্ত অনুষ্ঠান ত পুৱা মাৰথন দৌৰ প্ৰতিযোগিতা,পতাকা উত্তোলন,শ্বহীদ তর্পন অনুষ্ঠিত হৈ খেল-ধেমালি প্রতিযোগিতা,কুইজ প্রতিযোগিতা অনুষ্ঠিত হয়৷

অনুষ্ঠানটিৰ কায্যকৰি সভাপতি কামাল মৰীয়া আত ধৰা অনুষ্ঠান টিত সন্ধ্যা বন্তি প্রজ্জ্বলন কৰে কেন্দ্রীয় কার্যনির্বাহক সদস্য অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দেৱাশীষ দাসে আৰু সমাজকৰ্মী বিনয় লস্কৰে ,বঁটা বিতৰণী অনুষ্ঠানৰ উদ্বোধন কৰে বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয় অধ্যক্ষ প্ৰতাপ সিং আৰু বিশিষ্ট অতিথি হিছাপে উপস্থিত থাকে শ্বেইখ আব্দুল্লা ভাৰপ্ৰাপ্ত অধ্যক্ষ দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়,লৱকান্ত শৰ্মা অৱসৰপ্ৰাপ্ত শিক্ষক দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়,ক্ষিতিশ দাস সভাপতি দক্ষিণপাট শাখা সাহিত্য সভা ৷

নিশা সাংস্কৃতিক অনুষ্ঠান টিৰ শুভ উদ্বোধন কৰে প্ৰাক্তন ছাত্ৰ সন্থা ৰ সাধাৰণ সম্পাদক বিদ্যাসাগৰ কাকতীয়ে ৷ ইয়াৰ পিছত
মুখ্য আকষর্ণ হিচাপে অসমৰ জনপ্রিয় কণ্ঠশিল্পী ৰহিম ৰাজৰ গীতৰ শৰাই সকলো ৰাইজৰ মনমুগ্ধ কৰি তুলে

Leave a Reply

Your email address will not be published. Required fields are marked *