সোণাপুৰ গাঁও পঞ্চায়তত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ

সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকক উন্নত স্বাস্থ্যসেৱা প্ৰদানৰ লক্ষ্যৰে আজি সোণাপুৰ গাঁও পঞ্চায়তৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত হয় এক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ। লায়ন্স ক্লাব গুৱাহাটী গ্ল’বেলৰ উদ্যোগত আৰু গুৱাহাটী লায়ন্স আই হস্পিতালৰ সহযোগত আয়োজিত এই শিবিৰত স্থানীয় ৰাইজৰ ব্যাপক সঁহাৰি পৰিলক্ষিত হয়।


উদ্বোধনী অনুষ্ঠানত ডিমৰীয়া সম জিলা আয়ুক্ত কংকন শৰ্মা, লায়ন্স ক্লাবৰ চাৰ্টাৰ্ড প্ৰেচিডেণ্ট বসন্ত আগৰৱাল, সম্পাদক ৰমেশ ৰানা দে, চিকিৎসক ডাঃ দেবাঙ্গন শৰ্মা, সোণাপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী উৰ্বশী টুমুঙ, সম্পাদক বিক্ৰম দাস, প্ৰাক্তন সভাপতি নুৰ আহমেদ লস্কৰৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।


অতিথিসকলে তেওঁলোকৰ বক্তব্যত সমাজৰ দৰিদ্ৰ আৰু সাধাৰণ লোকৰ মাজলৈ স্বাস্থ্যসেৱা কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত লায়ন্স ক্লাবৰ ভূমিকাক প্ৰশংসা কৰে। লগতে এনেধৰণৰ জনকল্যাণমূলক কাৰ্যসূচীয়ে স্বাস্থ্য সচেতনতা বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মন্তব্য কৰে।


শিবিৰত গুৱাহাটী লায়ন্স আই হস্পিতালৰ বিশেষজ্ঞ চিকিৎসকসকলে চকুৰ বিভিন্ন ৰোগ সম্পৰ্কে পৰীক্ষা-নিৰীক্ষা সম্পন্ন কৰে। লগতে চকুৰ সমস্যাত ভুগি থকা লোকসকলক প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়োৱাৰ লগতে উন্নত চিকিৎসাৰ বাবেও দিহা-পৰামৰ্শ প্ৰদান কৰা হয়।

লায়ন্স ক্লাব গুৱাহাটী গ্ল’বেল আৰু গুৱাহাটী লায়ন্স আই হস্পিতালৰ যৌথ উদ্যোগত অনুষ্ঠিত এই বিনামূলীয়া চকু পৰীক্ষা শিবিৰে স্থানীয় ৰাইজৰ মাজত যথেষ্ট সঁহাৰি লাভ কৰিছে। আগন্তুক দিনতো এনে জনসেৱামূলক কাৰ্যসূচী অব্যাহত ৰাখিব বুলি আয়োজকসকলে জানিবলৈ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *