‘অসম মালা’ আঁচনিৰ অধীনত নিৰ্মীয়মান ডিগবৈ-বৰডুমচা পথটোৰ উন্নত মানদণ্ডৰে অতিশীঘ্ৰে নিৰ্মাণৰ দাবীত আজি গৰজি উঠিল বৰডুমচা-পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থা (আছু)।দীৰ্ঘদিন ধৰি নিৰ্মাণকাৰ্য বন্ধ হৈ থকা পথটোৰ শীঘ্ৰে নিৰ্মাণৰ দাবীত সংগঠনটোৱে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।অভিযোগ মতে,ৰাজনৈতিক কমিচন তথা অতি নিম্ন মানদণ্ডৰে নিৰ্মাণ কৰাৰ বাবেই বিভাগীয় কৰ্তৃপক্ষই পথটোৰ কাম বন্ধ কৰি দিছিল।
ইয়াৰ ফলত স্থানীয় ৰাইজে যাতায়াতৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি যমৰ যাতনা ভুগিবলগীয়া হৈছে।জৰাজীৰ্ণ পথটোৱে এতিয়া সৰ্বসাধাৰণৰ বাবে এক ডাঙৰ অভিশাপ হৈ পৰিছে।পথটো অতিশীঘ্ৰে আৰু উন্নত মানদণ্ডৰে সম্পূৰ্ণ কৰিবলৈ দাবী আছু নেতৃত্বৰ।উল্লেখ্যে যে অসম-মালা অধিনত ১৩০ কোটি টকাৰে নিৰ্মাণ হোৱা পথটো নিৰ্মাণৰ ঠিকা লাভ কৰিছিল ভাস্কৰ গোস্বামী আৰু মতলেবুদ্দিন আহমেদ মালিকানাধীন প্ৰতিষ্ঠানে।আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ (AASU) কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক জিতেন্দ্ৰ চুতীয়াও উপস্থিত থাকে।তেওঁ বিভাগীয় কৰ্তৃপক্ষক সঁকিয়াই দি কয় যে শীঘ্ৰে ৰাজনৈতিক কমিছনৰাজ বন্ধ কৰি ভিভাগীয় নীতি নিয়ম অনুসৰি নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিবলৈ দাবী জনায়।সু-ব্যৱস্থা কৰা নহয়, তেন্তে আগন্তুক দিনত ইয়াতকৈও অধিক ভয়াৱহ গণ-আন্দোলন গঢ়ি তোলা হ’ব।










Leave a Reply