মাকুমৰ গঙ্গাবাৰীত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অভিযোগ অনুসৰি, যোৱা শুকুৰবাৰে পুৱা প্ৰায় ১০ বজাত মুকুট ওৰাং (৫২) নামৰ এজন ব্যক্তি গঙ্গাবাৰীস্থিত আৰবান টেষ্টী ৰেষ্টুৰেণ্টলৈ আহোঁতে কোনো এক বিষয়ক কেন্দ্ৰ কৰি ৰেষ্টুৰেণ্টখনৰ স্বত্বাধিকাৰী ইমৰান ছিদ্দিকীৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হয়।
এই বাক-বিতণ্ডাৰ পাছতে স্বত্বাধিকাৰী ইমৰান ছিদ্দিকীয়ে মুকুট ওৰাংক প্ৰহাৰ কৰে, যাৰ ফলত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। পৰৱৰ্তী সময়ত আঘাতপ্ৰাপ্ত ব্যক্তিজনৰ চিকিৎসাৰ সম্পূৰ্ণ ব্যয় বহন নকৰাৰ অভিযোগ উত্থাপন কৰি আজি ৰেষ্টুৰেণ্টখনৰ সন্মুখত আঘাতপ্ৰাপ্ত ব্যক্তিজনক লগত লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰতিবাদ ক্ৰমাৎ উত্তপ্ত হৈ পৰাত উত্তেজিত একাংশ লোকে ৰেষ্টুৰেণ্টখন ভাঙি- লণ্ড-ভণ্ড কৰাৰ অভিযোগ উত্থাপিত হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় যদিও এক পৰ্যায়ত প্ৰতিবাদী ৰাইজ আৰু আৰক্ষীৰ মাজত হতাহতিৰ ঘটনাও সংঘটিত হয়। যাৰ ফলত এগৰাকী আৰক্ষী বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছে বুলি জানিবলৈ পৰা গৈছে ।ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে আৰক্ষীয়ে বিষয়টো তদন্ত অব্যাহত ৰাখিছে।










Leave a Reply