গীতে মাতে জীপাল এটি সন্ধিয়া।
হিয়াৰ আমঠু জুবিন গাৰ্গৰ সোঁৱৰণত নাহৰ শীৰ্ষক গীতেৰে ৰাইজৰ সমাদৰ লাভ কৰা জনপ্ৰিয় কণ্ঠশিল্পী জিতেন কলিতাই শুকুৰবাৰে জুবিন ক্ষেত্ৰত উপস্থিত হৈ প্ৰাণৰ শিল্পীলৈ জ্ঞাপন কৰিলে সুৰীয়া শ্ৰদ্ধাঞ্জলি।বন্তি প্ৰজ্জ্বলন কৰি সেৱা জনালে সংগীতৰ মহানায়ক গৰাকীৰ ওচৰত।
প্ৰাণৰ শিল্পীৰ কেইবাটাও চিৰসেউজ গীতেৰে তেওঁক সোঁৱৰণ কৰাৰ লগতে জুবিন গাৰ্গৰ স্মৃতিত শুভমুক্তি দিয়া নাহৰ শীৰ্ষক গীত টিৰেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
অতি শীঘ্ৰেই গীতটিৰ ভিডিঅ আকাৰে ৰাইজৰ মাজলৈ আগবঢ়াই দিয়া হ’ব বুলি জানিবলৈ দিয়াৰ লগতে জুবিন ক্ষেত্ৰত গীত টিৰ ভিডিঅ শুভ মুক্তি দিয়া হব বুলিও মন্তব্য কৰে।











Leave a Reply