ডুমডুমা সম_জিলা প্ৰশাসন আৰু ডুমডুমা মাৰোৱাৰী যুৱ মঞ্চৰ যুটীয়া উদ্যোগত ভাৰতবৰ্ষৰ ৮০ সখ্যক স্বাধীনতা দিৱস উপলক্ষে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ অধীনত আজি ৰাতিপুৱা ত্ৰিৰংগা মাৰাথান আয়োজন কৰা হয়৷

ডুমডুমা গান্ধী মূৰ্ত্তিৰ পৰা ৰূপাই চাইডিংলৈ হোৱা এই মাৰাথান দৌৰত ডুমডুমাৰ স্থানীয় বহুসংখ্যক ছাত্ৰ-ছাত্ৰী আৰু যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে৷ যুৱক আৰু যুৱতী দুয়োটা শাখাত অনুষ্ঠিত হোৱা এই মাৰাথান দৌৰৰ অন্তত ডুমডুমা মাৰোৱাৰী পঞ্চায়তী ভৱনত পুৰস্কাৰ বিতৰণ অনুষ্ঠান আয়োজিত কৰি শ্ৰেষ্ঠ সকলক পুৰস্কাৰ প্ৰদান কৰাৰ লগতে দেশৰ জাতীয় পতাকাৰ ওপৰত সন্মান বৃদ্ধিৰ বাবে এনেধৰণৰ সজাগতামূলক কাৰ্যসূচী লোৱা হৈছে বুলি আয়োজকসকলে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে৷












Leave a Reply