👉সদৌ অসম টাংচা ছাত্র সন্থাৰ উদ্যোগত ৰেমকম ইয়ংকুকক গামোচাৰে সম্বৰ্ধনা।
👉তিনিচুকীয়া জিলাৰ জাগুনৰ হনজু ৱাৰা গাঁৱৰ ৰেমকম ইয়ংকুকে অসম অপেন ৰেংকিং জু-জিৎসু চেম্পিয়নশ্বিপ ২০২৬-ত সোণৰ পদক আঁজুৰি আনিবলৈ সক্ষম হয়।

👉তেওঁৰ এই জয়ৰ পিছতে তেওঁক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় সদৌ অসম ছাত্ৰ সন্থাই।
👉 ৰেমকম ইয়ংকুকৰ এই সাফল্যই জাগুন, তিনিচুকীয়া আৰু সমগ্ৰ টাংচা সমাজলৈ গৌৰৱ কঢ়িয়াই আনিছে বুলি মন্তব্য আগবঢ়াইছে টাংছা ছাত্ৰ সন্থাৰ বিষয়ববীয়াই।
👉উল্লেখ্য যে, মাত্ৰ ১৫ ছেকেণ্ডতে ৰেমকম য়ংকুকে প্ৰতিপক্ষক ধৰাশায়ী কৰি এই সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে।
👉ৰেমকমৰ এই সফলতাত নামপং সমষ্টিৰ বিধায়ক লাইচেম চিমাইয়ে ও অভিনন্দন জনাই তেওঁৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে।












Leave a Reply