সৰভোগত ধ্ৰুৱজ্যোতি দাসৰ গাঁও প্ৰধান নামৰ প্ৰবন্ধ পুথি উন্মোচন

আজি সৰভোগৰ বৰনগৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ ভৱানন্দ পাঠকৰ সভাপতিত্বত এখন প্ৰবন্ধ পুথি উন্মোচনী সভা অনুষ্ঠিত হয়৷এই সভাৰ জৰিয়তে প্ৰাক্তন সাংবাদিক,বৰনগৰ প্ৰেছ ক্লাৱৰ উপ-সভাপতি উত্তৰ গণকগাড়ী গাঁৱৰ গাঁও প্ৰধান ধ্ৰুৱজ্যোতি দাসৰ গাঁও প্ৰধান শীৰ্ষক পুথিখন উন্মোচন হয়৷বৰপেটা জিলা গাঁও প্ৰধান সন্থাৰ সভাপতি ভাৰত ডেকাই উন্মোচন কৰে

৷বৰনগৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নৃপেন চন্দ্ৰ নাথে আদৰণি ভাষণ দিয়ে৷লেখক ধ্ৰুৱজ্যোতি দাসে উদ্দেশ্য বাখ্যা কৰা সভাত সদৌ অসম গাঁও প্ৰধান সন্থাৰ সাধাৰণ সম্পাদক ঘণশ্যাম তালুকদাৰে বক্তব্য প্ৰদান কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *