অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিখন জিলা সমিতিৰ তৰফৰ পৰা আজি (২৮ জুলাই ২০২৬) মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক স্মাৰক পত্ৰ প্ৰদান কৰা হ’ব
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিখন জিলা সমিতিৰ তৰফৰ পৰা আজি (২৮ জুলাই ২০২৬) মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক স্মাৰক পত্ৰ প্ৰদান কৰা হ’ব। বানপীড়িত ৰাইজৰ ন্যায় আৰু অধিকাৰৰ বাবে এই পত্র প্ৰদান কৰিব জাতীয় সংগঠনটোৱে।

উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰীক প্ৰদান কৰিব লগা এই স্মাৰক পত্ৰত ইতিমধ্যে ৫টা দাবীৰ কথা উত্থাপন কৰিছে সংগঠনটোৱে।
সংগঠনটোৰ দাবীসমূহ হৈছে :-
বানত ক্ষতিগ্রস্ত অঞ্চলৰ জনসাধাৰণৰ চৰকাৰী কৰ-কাটলৰ পৰা আৰু চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানৰ ঋণ এবছৰলৈকে ৰেহাইৰ ব্যৱস্থা কৰা।
বানৰ কবলত পৰি মৃত্যু মুখত পৰা পৰিয়াললৈ ২০লাখ টকাৰ এককালীন সাহায্য প্রদান।
বানত ক্ষতিগ্রস্ত প্রতিটো পৰিয়ালক ৫লাখকৈ টকাৰ এককালীন সাহায্য প্রদান।
লগতে গৃহহীন প্রতিটো পৰিয়ালক এমাহৰ ভিতৰত পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা।
বানত ক্ষতিগ্রস্ত কৃষিভূমি আৰু কৃষকৰ সা-সঁজুলি যোগান ধৰাৰ লগতে কৃষি ঋণ মাফ কৰা।












Leave a Reply