মাৰ্ঘেৰিটা জাগুন দিহিং নৈৰ বাঢ়নী পানীৰ কবলত পৰি শ শ বিঘা মাটি নৈৰ বুকুত জাহ

মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত জাগুন দিহিং নৈৰ বাঢ়নী পানীৰ কবলত পৰি শ শ বিঘা মাটি নৈৰ বুকুত জাহ যোৱাত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নৈপৰীয়া ৰাইজৰ মাজত। দিহিং নৈৰ কোবাল সোঁতে চপৰা চপৰে খহাইছে নৈৰ গৰা। গৰা খহনীয়াৰ ফলত ভাবুকি সৃষ্টি হৈছে নৈপৰীয়া ৰাইজৰ লগতে কথা সংৰক্ষিত বনাঞ্চল। কথা সংৰক্ষিত বনাঞ্চল আৰু দিহিং নৈৰ মাজেৰে নৈপৰীয়া ৰাইজে যাতায়তৰ বাবে ব্যৱহাৰ কৰা পথ এতিয়া সম্পূৰ্ণৰূপে বিলীন হৈ পৰিছে নৈৰ গভীৰ বুকুত।

বিশেষকৈ কথা সংৰক্ষিত বনাঞ্চল আৰু দিহিং নৈৰ মাজত অৱস্থিত কথাকাখৰণি নামৰ গাঁওখনৰ ৰাইজে এতিয়া যাতায়তৰ বাবে জীয়াতু ভোগ কৰিব লগা অৱস্থাত পৰিছে। যিহেতু গাঁওখনৰ ৰাইজৰ যাতায়তৰ এক মাত্ৰ পথছোৱা চিৰ দিনৰ বাবে নিঃশ্চিহ্ন হৈ পৰিছে নৈৰ গভীৰ পানীত। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ অঞ্চলটোৰ ৰাইজে বহুবাৰ স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ কাষ চাপি ইয়াৰ স্থায়ী সমাধানৰ বাবে কাকূতি মিনতি কৰি আহিছে যদিও বিধায়ক গৰাকীৰ তৰফৰ পৰা আজি পৰ্যন্ত কোনো ধৰণৰ সঁহাৰি লাভ কৰিবলে সক্ষম হোৱা নাই বুলি অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছে। সেইয়ে এইবাৰ সংবাদ মাধ্যমৰ জৰিয়তে এই অঞ্চলবাসীয়ে বিষয়টো পুনৰবাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ লগতে অসম চৰকাৰৰ দৃষ্টগোচৰ কৰি ইয়াৰ স্থায়ী সমাধানৰ আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *