অসম চৰকাৰে ৰাইজক মাধমাৰ দি স্মাৰ্ট মিটাৰ লগাইছে কিন্তু স্মাৰ্ট ওৰ্ক কৰা নাই। কলিয়াবৰত অনিয়মিয়া হৈছে বিদ্যুৎ যোগান। কেৱল ভাষনতহে আছে ২৪ ঘন্তাই বিদ্যুত। প্ৰকৃততে কলিয়াবৰত সঘনে হোৱা লোকা ভাকুক লৈ অসন্তুষ্ট হৈছে কলিয়াবৰ বাসী ৰাইজ।কলিয়াবৰত বিদ্যুৎ যোগান অনিয়মিয়া আৰু একেবাৰে লেহেম গতিত চলিছে গৰুবন্ধাৰ পাৱাৰ গ্ৰিড নিৰ্মানৰ কাম।

গতিকে অতি সোনকালে পাৱাৰ গ্ৰীড নিৰ্মানৰ কাম শেষ কৰাৰ লগতে বিদ্যুৎ যোগান নিয়মিয়াকৰন, বিদ্যুত বিভাগৰ কৰ্মচাৰী বৃদ্ধি কৰা, কলিয়াবৰৰ প্ৰত্যেক খন চৰকাৰী বিদ্যালয়ত বিদ্যুৎ সংযোগ স্থাপন কৰাকে ধৰি কেইবাটাও দাবি সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই।অতি সোনকালে এই দাৱী সমুহ মানি নললে কলিয়াবৰ বাসী ৰাইজৰ সহযোগত তিব্ৰ আন্দোলন কাৰাৰো হুংকাৰ প্ৰদান কৰে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই।

ইফালে অতি সোনকালে এই সকলো সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰিছে কলিয়াবৰ বিদ্যুত উপ সংমণ্ডল বিষয়া গৰাকীয়ে।











Leave a Reply