কলিয়াবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত ক্ষতিপুৰন বিছাৰি বানাক্ৰান্তৰ ভিৰ।
২০১৭ ৰ পিছত ২০২৪ বৰ্ষত পুনৰ কলিয়াবৰত বলিয়া বানে সংহাৰি ৰুপ ধাৰন কৰিছিল। নাগাওঁ বাসীৰ আয়ুষ ৰেখা হাতিমুৰাৰ বান্ধ ভাঙি প্লাবিত কৰিছিল কলিয়াবৰৰ ভিন্ন অঞ্চল।কলিয়াবৰৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই নিজে বানাক্ৰান্ত ৰাইজৰ ক্ষয়-ক্ষতিৰ বুজ লৈ ক্ষতিপুৰনৰ ব্যবস্থা কৰিছিল বানাক্ৰান্ত ৰাইজৰ।কলিয়াবৰৰ বানাক্ৰান্ত ৰাইজৰ ক্ষতিপুৰন হিছাপে প্ৰদান কৰিছিল ১লাখ বিশ হাজাৰ তকাকৈ আৰ্থিক সাহাৰ্য্য।

কিন্তু এই বানাক্ৰান্ত ৰাইজৰ নামৰ তালিকা প্ৰস্তুত কৰোতে ব্যাপক খেলিমেলিৰ অভিযোগ উত্থাপন কৰিছে বানাক্ৰান্ত ৰাইজে।কম ক্ষয়-ক্ষতি হোৱা বানাক্ৰান্তই ১ লাখ ২০ হাজাৰ কৈ টকা লাভ কৰাৰ বিপৰিতে বানত বিদ্ধষ্ট হৈ সৰ্বহাৰা ৰাইজে লাভ কৰিছে মাত্ৰ ৩ ৰ পৰা ৮ হাজাৰ টকা।স্থানীয় গাওঁবুঢ়া আৰু মণ্ডলে বানাক্ৰান্তৰ লিষ্ট বনাওতে ব্যাপক খেলি মেলি কৰা বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভুগি ৰাইজে।

আজি বানাক্ৰান্ত ভুক্তভুগি ৰাইজ কলিয়াবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত উপস্থিত হৈ অতি সোনকালে পুনৰ এটা উচিত তদন্ত কৰি সকলোকে সমদৃষ্টি প্ৰদান কৰি ২০২৪ বৰ্ষৰ বানাক্ৰান্ত ৰাইজক ক্ষতিপুৰন দিবৰ বাবে কলিয়াবৰৰ বিধায়ক তথা ৰাজহ মন্ত্ৰী কেশৱ মহন্তক অহ্বান জনাইছে














Leave a Reply