কুমাৰ ভাস্কৰ বৰ্মা সেতুত ফটো চেচন নিষিদ্ধ

কঠোৰ হৈছে গুৱাহাটী মহানগৰ আৰক্ষী। এতিয়াৰ পৰা গুৱাহাটী- উত্তৰ গুৱাহাটীসংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতুত ফটো উঠাব নোৱাৰিব আপুনি। কেৱল সেয়াই নহয়, এই সেতুখনত নিষিদ্ধ কৰা হৈছে ফটো চেচন। 

কঠোৰ হৈছে গুৱাহাটী মহানগৰ আৰক্ষী। এতিয়াৰ পৰা গুৱাহাটী- উত্তৰ গুৱাহাটীসংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতুত ফটো উঠাব নোৱাৰিব আপুনি। কেৱল সেয়াই নহয়, এই সেতুখনত নিষিদ্ধ কৰা হৈছে ফটো চেচন। সেতুখনৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি ফটো তোলাতো এচামৰ বাবে ফেশ্বন হৈ পৰিছে।

সেতুখনৰ মাজভাগতে যান-বাহন ৰখাই একাংশ লোকে এক অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিছিল। আনকি নিশাৰ ভাগত দুই- একে জন্মদিন উদযাপন কৰি আৰক্ষীৰ আলহীয়ো হৈছিল।সেই সকলো কথাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষীয়ে এই কঠোৰ স্থিতি গ্ৰহণ কৰিছে। এতিয়াৰ পৰা কুমাৰ ভাস্কৰ বৰ্মা সেতুত কোনো লোকে যান- বাহন ৰখাই ফটো তোলা আৰু জন্মদিন উদযাপন বা এনে ধৰণৰ কাৰ্যকলাপ কৰিব নোৱাৰিব। এতিয়াৰ পৰা সেতুখনৰ ওপৰত নিয়োজিত হ’ব কেইবাজনো নিৰাপত্তাৰক্ষী। এই নিয়ম উলংঘা কৰা সকলৰ বিৰুদ্ধে কঠোৰ শাস্তি বিহা হ’ব বুলিও জানিবলৈ দিছে মহানগৰ আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *