বিশিষ্ট নগঞা পাটি ঢোলৰ ওজা থুলেশ্বৰ ডেকাৰ বিয়োগত আদ্যশ্ৰাদ্ধ দিনা স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত কৰি থুলেশ্বৰ ডেকাৰ শিল্পালয় স্মৃতিগ্ৰন্থ উন্মোচন ৷

ৰাভা দিৱসৰ দিনাই ৰহাৰ বিশিষ্ট শিল্পী, সমাজকৰ্মী, নগঞা ঢোলৰ ওজা তথা অসম বিহু সুৰক্ষা সমিতিৰ সদস্য থুলেশ্বৰ ডেকাৰ মৃত্যু আজি আদ্যশ্ৰাদ্ধ দিনা ৰহাৰ ঐতিহাসিক মেটেকাৰ নিজ বাসগৃহত ৰহাৰ বিভিন্ন দল সংগঠন আৰু ৰাইজৰ সহযোগত থুলেশ্বৰ ডেকা দেৱৰ সোঁৱৰণত স্মৃতিচাৰণ অনুষ্ঠান টি অনুষ্ঠিত হৈ যায়৷ ৰহাৰ সামাজিক-সাংস্কৃতিক ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা থুলেশ্বৰ ডেকাৰ দেৱৰ এই স্মৃতি চাৰণ অনুষ্ঠানত অগনন গুণমুগ্ধই ডেকা দেৱৰ ৰহাৰ মেটেকাৰ বাস গৃহত ভিৰ কৰে আৰু শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷

তেখেতৰ মৃত্যুত ৰহা আঞ্চলিক সাংবাদিক সন্থা.ৰহা আঞ্চলিক ছাত্ৰ সন্থা.তিৱা ছাত্ৰ সন্থা.মানৱ অধিকাৰ সংগ্ৰাম সমিতি. বহাগী মেলা.যুৱ ছাত্ৰ পৰিষদ. ৰহা শাখা সাহিত্য সভা.জেষ্ঠ নাগৰিক সন্মিলনৰ ৰহা শাখাা, নগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা,ৰহা আঞ্চলিক কোচ ৰাজবংশী সন্মিলনী,ৰহা শিল্পী কানন , পদুমনি ৰাস উদযাপন সমিতি,ভৱছ অফ ৰহা,ৰহা ক্ৰীড়া সন্থা,ৰহা পুৰণা চাৰিআলি দূৰ্গা পূজা সমিতি ,পূৱ সৰাগাঁও সেউজ সাধনা শিল্পী সমাজ, বিহু সুৰক্ষা সমিতি, মেটেকা উন্নয়ন সমিতি,খাইগড় মেলা সমিতি,মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা আদি কৰি শুভাকাংক্ষীয়ে গভীৰ সমবেদনা জ্ঞাপন কৰে

৷ অসম সাহিত্য সভা ৰহা শাখা সম্পাদক লক্ষীপ্ৰসাদ ডেকাই আঁত ধৰা অনুষ্ঠানত ৰহা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি মাধৱ চন্দ্ৰ নাথে স্মৃতিচাৰণ অনুষ্ঠানৰ সভাখনৰ সভাপতিত্ব কৰি ডেকা দেৱৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে৷ ইয়াৰ পিছত সকলোৱে পুষ্পাঞ্জলি অৰ্পণ কৰি বহু জনে ডেকা দেৱৰ জীৱনী ওপৰত নানা বক্তব্য আগবঢ়াই লক্ষীপ্ৰসাদ ডেকা আৰু প্ৰহ্লাদ মছৰং সম্পাদনাত থুলেশ্বৰ ডেকা শিল্পালয় নামৰ স্মৃতিগ্ৰন্থ শুভ উন্মোচন কৰা হয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *