নীট পৰীক্ষাত উজলিল মৰিগাঁৱৰএজন বৈদ্যুতিক মেকানিকৰ পুত্ৰ আশ্ৰাফুল আহমেদ

মৰিগাওঁ মৰিমুছলমান গাঁৱৰ তাইজোদ্দিন আহমেদ আৰু ৰুবিদা বেগমৰ পুত্ৰ আশ্ৰাফুল আহমেদে বৃহস্পতিবাৰে ঘোষিত সৰ্বভাৰতীয় পৰ্যায়ৰ NEET পৰীক্ষাত উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে l

আশ্ৰাফুল আহমেদে মৰিগাঁও নৱোদয় বিদ্যালয়ৰ পৰা মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ পৰৱৰ্তী সময়ত আজমল চুপাৰ 40 ত অধ্যয়ন কৰাৰ সুযোগ লাভ কৰে l তাৰ পৰাই এইবাৰ উত্তীৰ্ণ হৈ চিকিৎসা বিজ্ঞান পঢ়াৰ খ্যাতি অৰ্জন কৰে l

উল্লেখ্য যে, আশ্ৰাফুল আহমেদৰ পিতৃ পেছাত এগৰাকী বৈদ্যুতিক মেকানিক আৰু মাতৃ গৃহিনী l আশ্ৰাফুলৰ এই সফতাৰ বাবে মৰি মুছলমান গাঁৱত আনন্দৰ বন্যা বৈছে l

Leave a Reply

Your email address will not be published. Required fields are marked *