“ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে অধিক কঠোৰ হ’ব চৰকাৰ”

আজি বিধানসভাত ড্ৰাগছৰ সমস্যাক লৈ হয় বিস্তৃত আলোচনা। এই আলোচনাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য।

ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে চলি থকা অভিযানক অধিক শক্তিশালী কৰাৰ সংকল্প পুনৰ ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে বিধানসভাত কয় যে, ড্ৰাগছ সৰবৰাহ আৰু ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে চৰকাৰে আগন্তুক দিনত আৰু অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। ড্ৰাগছৰ ব্যৱসায় ৰোধ কৰিব পাৰিলে ৰাজ্যত সংঘটিত বহু ধৰণৰ অপৰাধো  হ্ৰাস পাব বুলি তেওঁ মন্তব্য কৰে।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, ড্ৰাগছৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সময়তে সদনত আৰক্ষীৰ ভূমিকাক লৈ বহুতে সমালোচনা কৰে । আনহাতে, আৰক্ষীৰ এনকাউণ্টাৰ কাৰ্যকলাপক লৈও বিভিন্ন মহলে আপত্তি উত্থাপন কৰে। কিন্তু আইন-শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত আৰক্ষীয়ে নিজৰ দায়িত্ব পালন কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে স্পষ্ট কৰে।

মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে, বহু ড্ৰাগছ সৰবৰাহকাৰীয়ে ১০-১২ কোটি টকা মূল্যৰ নিষিদ্ধ সামগ্ৰী সৰবৰাহ কৰে আৰু তেওঁলোকৰ হাতত আগ্নেয়াস্ত্ৰও থাকে। এনে পৰিস্থিতিত আৰক্ষীয়ে অভিযান চলাওঁতে বিভিন্ন বিপদৰ সন্মুখীন হ’বলগীয়া হয়। তেওঁ লগতে কয় যে, চৰকাৰ আৰু আৰক্ষীক বহু সময়ত নিজৰ পদক্ষেপৰ বৈধতা প্ৰমাণ কৰিবলৈ উচ্চতম ন্যায়ালয় পৰ্যন্ত যাবলগীয়া হৈছে।

আইনৰ প্ৰতি ভয় আৰু সন্মান নাথাকিলে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজনীয় বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে সদনত ড্ৰাগছবিৰোধী বিষয়ত যি ধৰণৰ সহযোগিতামূলক মনোভাৱ দেখা গৈছে, সেয়া যদি সদায় অব্যাহত থাকে, তেন্তে আৰক্ষীয়ে অধিক ফলপ্ৰসূভাৱে কাম কৰিব পাৰিব বুলি সদৰী কৰে।

বহু ড্ৰাগছ সৰবৰাহকাৰীয়ে ১০-১২ কোটি টকা মূল্যৰ নিষিদ্ধ সামগ্ৰী সৰবৰাহ কৰে আৰু তেওঁলোকৰ হাতত আগ্নেয়াস্ত্ৰও থাকে। এনে পৰিস্থিতিত আৰক্ষীয়ে অভিযান চলাওঁতে বিভিন্ন বিপদৰ সন্মুখীন হ’বলগীয়া হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *