সোণাপুৰ আৰক্ষীৰ বৃহৎ সফলতা! ১৯৮ বটল নিষিদ্ধ কফ চিৰাপসহ আটক ৬ সৰবৰাহকাৰী

অসমত অব্যাহত আছে ড্ৰাগছ আৰু নিষিদ্ধ কফ চিৰাপৰ অবৈধ ৰমৰমীয়া বেহা! কিন্তু এই বেহাৰ বিৰুদ্ধে আৰক্ষীৰো অভিযান তীব্ৰতৰ হৈ পৰিছে। আজি পুৱা ভাগতে আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি লাভ কৰিবলৈ সক্ষম হয় এক বৃহৎ সফলতা। ডিগাৰু ৰে’লৱে ষ্টেচনত চলোৱা এক বিশেষ অভিযানত ১৯৮ বটল নিষিদ্ধ কফ চিৰাপ জব্দ কৰাৰ লগতে আটক কৰা হৈছে ৬ জনকৈ সৰবৰাহকাৰীক। গুৱাহাটীৰ পৰা ৰে’লযোগে এই নিষিদ্ধ কফ চিৰাপসমূহ আনি থকাৰ সময়তে আৰক্ষীৰ জালত পৰে এই সমগ্ৰ দলটো।

আৰক্ষী সূত্ৰে লাভ কৰা খবৰ অনুসৰি, আজি পুৱা ভাগতে ডিগাৰু ৰে’লৱে ষ্টেচনৰ পৰা সোণাপুৰ অভিমুখে আহি থাকোতেই নিষিদ্ধ কফ চিৰাপৰ এটা বৃহৎ সৰবৰাহকাৰীৰ দল অহাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে। এই গোপন তথ্যৰ ভিত্তিত আৰক্ষীৰ এটা দলে ষ্টেচনটোত এক বিশেষ অভিযান চলায়। ৰে’লৰ পৰা নমাৰ পিছতেই আৰক্ষীয়ে সন্দেহযুক্ত ৬ জন ব্যক্তিক আটক কৰে আৰু তেওঁলোকৰ তালাচী চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় ১৯৮ বটল নিষিদ্ধ কফ চিৰাপ।


আটকাধীন কেইজনৰ নাম হৈছে— চদ্দাম হুছেইন, দিলদাৰ আলী, আইজুল হুছেইন, আনোৱাৰ হুছেইন, ময়নুল ইছলাম আৰু ৱাহিদুৰ আলী। জানিব পৰা মতে, ধৃত আটাইকেইজনৰে ঘৰ নগাঁও জিলাৰ ৰহা থানাৰ অন্তৰ্গত। গুৱাহাটীৰ পৰা ৰে’লত উঠি তেওঁলোকে ডিগাৰুত নামিছিল আৰু তাতেই আৰক্ষীয়ে তেওঁলোকক হাতে-লোটে কৰায়ত্ত কৰে। বৰ্তমান আটাইকেইজনকে থানালৈ আনি অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰখা হৈছে।

এই নিষিদ্ধ কফ চিৰাপসমূহ ক’ৰ পৰা অনা হৈছিল আৰু ক’লৈ সৰবৰাহ কৰাৰ পৰিকল্পনা আছিল, সেই সন্দৰ্ভত আৰক্ষীৰ তদন্তৰ পিছতহে প্ৰকৃত ৰহস্য পোহৰলৈ আহিব। ধৃত সৰবৰাহকাৰী কেইজনৰ বিৰুদ্ধে ইতিমধ্যে আইনগতভাৱে গোচৰ ৰুজু কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *