বিশ্বনাথৰ উত্তৰ চাৰিআলিত সাৰ্বজনীন ৩য় বাৰ্ষিক মুকলি ঝুমইৰ প্ৰতিযোগিতা ও সাংস্কৃতিক সন্ধ্যা

0 5,567

বিশ্বনাথৰ খৰাশিমলু উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত উত্তৰ চাৰিআলিৰ সাৰ্বজনীন ৩য় বাৰ্ষিক মুকলি ঝুমুই প্ৰতিযোগিতা আৰু সাংস্কৃতিক সন্ধ্যা অনুষ্ঠিত হয় সকলো জাতি জনগোষ্ঠী মিলিত হৈ এই কৰম পূজাৰ ঝুমুৰ প্ৰতিযোগিতা আৰু সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰে ৷

বিশ্বনাথ মিজিকা ঢেঁকীয়াজুলি আদি বিভিন্ন স্থানৰ পৰা সৰ্বমুঠ ১২টা ঝুমুৰ দলে অংশগ্ৰহণ কৰে৷ উক্ত কাৰ্যসূচীত বিজেপিৰ OBC জাতিৰ ৰাজ্যিক উপাধ্যক্ষ ডাঃ ৰঞ্জন গগৈ সমাজকৰ্মী প্ৰেমলাল গুঞ্জু সমাজ সেৱক সূৰ্য নাৰায়ণ পাণ্ডে,উদীয়মান কণ্ঠ শিল্পী শ্যাম কুমাৰ নাগ আদি কৰি বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

উক্ত দল সমূহৰ ভিতৰত প্ৰথম স্থান দখল কৰে মিজিকাজান চাহ বাগিচা ঝুমুইৰ দলে আৰু দ্বিতীয় স্থান পাবলৈ সক্ষম হয় ঢেঁকিয়াজুলি চাহ বাগিচা আৰু তৃতীয় স্থান দখল কৰে বৰগাং বৰবিল চাহ বাগিছাই l

Leave A Reply

Your email address will not be published.