সোমবাৰে অসমৰ ১৬খন জিলাত নিৰ্মাণ কৰা ২১টা কৃষি জ্ঞান কেন্দ্ৰ মুকলি

0 1,243

ভূমিৰ উৰ্বৰতা গুণ নিৰ্ধাৰণ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ কেইবালাখো কৃষকলৈ ভূমি স্বাস্থ্য আৰু উৰ্বৰতা আঁচনিৰ অধীনত আজি গুৱাহাটীত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভূমি স্বাস্থ্য-পত্ৰ বিতৰণৰ অনুষ্ঠানত উপস্থিত থাকে৷ বৰ্তমান সময়ত কৃষিকৰ্ম অধিক ফলদায়ক হৈ উঠিবলৈ আধুনিক যন্ত্ৰপাতি ব্যৱহাৰ কৰাটো সময়ৰ আহ্বান বুলি ব্যক্ত কৰি তেখেতে ইয়াৰ পৰিপ্ৰেক্ষিততে আজি কৃষি বিভাগে কৃষি যান্ত্ৰিকীকৰণৰ উপ-অভিযানৰ অধীনত কৃষকসকলৈ কৃষি যন্ত্ৰপাতি বিতৰণৰো উদ্যোগ লোৱাৰ কথা ব্যক্ত কৰে৷

মাননীয় মুখ্যমন্ত্ৰীয়ে কয়— আজি অসমৰ ১৬খন জিলাত নিৰ্মাণ কৰা ২১টা কৃষি জ্ঞান কেন্দ্ৰ মুকলি কৰাৰ ব্যৱস্থা কৰা হৈছে৷ এই কেন্দ্ৰসমূহে উন্নত কৃষি পদ্ধতি, চৰকাৰী আঁচনি, নতুন প্ৰযুক্তি আদিৰ তথ্য কৃষকসকলক প্ৰশিক্ষণ আৰু ব্যৱহাৰিক প্ৰদৰ্শনৰ জৰিয়তে প্ৰদান কৰিব৷ লগতে কৃষকসকলে এই কেন্দ্ৰসমূহত বিভাগীয় বিষয়া তথা কাৰিকৰী বিশেষজ্ঞৰ পৰা সময়ে সময়ে পৰামৰ্শ গ্ৰহণৰো সুবিধা প্ৰদান কৰিব৷

উল্লেখ্য, কৃষকে গাঁৱৰ পৰা ধান ক্ৰয় কেন্দ্ৰলৈ ধান বিক্ৰী কৰাৰ বাবে অনাৰ সময়ত হোৱা পৰিবহণ ব্যয় হ্ৰাস কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে এইবাৰ প্ৰতি কুইণ্টল ধান পৰিবহণৰ বাবদ ৰাজসাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

Leave A Reply

Your email address will not be published.