ডিব্ৰুগড়ৰ মাইজান মথলাত গৰাখহনীয়াত জাহ যায় কেইবাটাও বাসগৃহ

0 5,694

দল-সংগঠনৰ সহযোগত প্ৰতিবাদ

ডিব্ৰুগড়ৰ মাইজান মথলা অঞ্চলত বৃহৎ গৰাখহনীয়া। মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াত বৰ্তমান ১০টা বাসগৃহ বিলিন হৈছে। বৰ্তমানেও ডিব্ৰুগড়ৰ জলসম্পদ বিভাগৰ কোনো গুৰুত্ব নাই। স্থানীয় বিধায়ক প্ৰশান্ত ফুকনক এই বিষয় জনোৱাৰ হৈছিল যদিও কোনো গুৰুত্ব নিদিয়া অভিযোগ তুলিছে দল-সংগঠনৰ লগতে স্থানীয় চাহ শ্ৰমিক ৰাইজে। মথলা অঞ্চল বুলিয়ে নহয়, ডিব্ৰুগড় মহানগৰলৈ ভাবুকি কঢ়িয়াই আনিছে গৰাখহনীয়াই। ঐতিয্যমণ্ডিত ডিব্ৰুগড় অঞ্চলৈ ভাবুকি কঢ়িয়াই আনিছে। আজি গৰাখহনীয়াস্থলীত দল-সংগঠনৰ লগতে চাহ শ্ৰমিক সকলে প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্থানীয় বিধায়ক প্ৰশান্ত ফুকন, জলসম্পদ বিভাগক ধিক্কাৰ দিয়ে। ৰাইজে বিভিন্ন শ্ল’গান দি প্ৰতিবাদ সাব্যস্ত কৰে।

Leave A Reply

Your email address will not be published.