বিশ্বনাথত জনজাতিকৰণৰ দাবীত তীব্ৰ প্ৰতিবাদ

0 1,264

পুনৰ ছয় জনজাতি কৰণৰ দাবী বিশ্বনাথত প্ৰতিবাদ । বিশ্বনাথৰ কমলাকান্ত ক্ষেত্ৰৰ পৰা প্ৰতিবাদী সমদল কৰি আহি বিশ্বনাথৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ৷

অসমৰ ছয় জনগোষ্ঠী ক্রমে মৰাণ, মটক, চুতীয়া, টাই আহোম, কোঁচ ৰাজবংশী আৰু চাহ জনগোষ্ঠী আদিবাসী সকলক ভৈয়াম অনুসূচিত জনজাতিৰ তালিকাভুক্ত কৰিবৰ বাবে দীর্ঘদিন ধৰি জনগোষ্ঠী কেইটাই সমগ্ৰ ৰাজ্যজুৰি দাবী জনাই আহিছে।

ছয় জনগোষ্ঠীৰ হৈ জনজাতিকৰণৰ দাবীত সৰব আৰু সক্রিয় হৈ থকা সংগঠন সমূহৰ উমৈহতীয়া মঞ্চ ছয় জনগোষ্ঠীয় যৌথ মঞ্চই আজি পুনৰ বিশ্বনাথ চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰে ৷

Leave A Reply

Your email address will not be published.