“তিনি ৰাজ্যৰ ফলাফলে কোনো প্ৰভাৱ পেলাব নোৱাৰে আগন্তুক লোকসভা নিৰ্বাচনত”- ৰিপুণ বৰাৰ মন্তব্য

0 6,824

আজি জয়ানগৰস্হিত অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত পাঁচ ৰাজ্যৰ নিৰ্বাচনী ফলাফল সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়াই এক সংবাদমেল সম্বোধন কৰে। সভাপতিগৰাকীয়ে বিৰোধী পক্ষ হিচাপে ৰাইজৰ ৰায় আৰু নিৰ্বাচনী ফলাফল মানি লৈছো বুলি মত প্ৰকাশ কৰে। জয়েই হওঁক বা পৰাজয় সকলো জনতাৰ ৰায় বুলি ব্যক্ত কৰে ৰিপুণ বৰাই।

ইয়াৰ উপৰিও নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেখেতে কয় যে- “বিৰোধী ধুলিস্যাৎ বুলি ভৱাটো বিজেপিৰ মুৰ্খামী হ’ব, বিজেপিক প্ৰতিহত কৰিবলৈ বিৰোধী এতিয়াও সক্ষম। একাংশ সংবাদমাধ্যমত “ইণ্ডিয়া এলায়েন্স’ বিজেপিৰ হাতত পৰাভূত হোৱা বুলি বাতৰি প্ৰচাৰ কৰিছে ফলত জনসাধাৰণ বিভ্ৰান্তিত পৰিছে। আমি আজি স্পষ্ট কৰিব বিচাৰিছো যে, পাঁচ ৰাজ্যত যি নিৰ্বাচন হৈছে সেয়া কংগ্ৰেছ বনাম বিজেপি বা বিজেপি বনাম কোনোবা আন দলৰ মাজত হৈছে। “ইণ্ডিয়া এলায়েঞ্চ বনাম বিজেপি” হোৱা নাই। সমাগত লোকসভা নিৰ্বাচনৰ বাবেহে “ইণ্ডিয়া এলায়েঞ্চ”, বিধানসভাৰ নিৰ্বাচনৰ বাবে নহয়।

আমাৰ বিৰোধীৰ লক্ষ্য লোকসভা নিৰ্বাচনত ১:১ ৰ প্ৰতিযোগিতা। সংখ্যাৰ ফালৰ পৰা চালে বিজেপি আৰু মিত্ৰজোট সংখ্যাগৰিষ্ঠ কিন্তু পৰিসংখ্যাৰ ফালৰ পৰা যদি লক্ষ্য কৰা যায় বিজেপিৰ বিৰুদ্ধে কৰা ভোটৰ সংখ্যা অধিক। উদাহৰণ স্বৰূপে, ৰাজস্থানত বিজেপি মিত্ৰজোটে লাভ কৰিছে ৪১.৬৯% আৰু ইয়াৰ বিপৰীতে আটাইকেইটা বিৰোধী দলৰ যদি ভোট যোগ কৰা হয় মুঠ ভোটৰ সংখ্যা ৫৭.২%।

ঠিক একেদৰে ছত্তীচগড়ত বিজেপিৰ বিৰুদ্ধে প্ৰায় ৫২.৪৬% ভোট আৰু মধ্য প্ৰদেশত প্ৰায় ৫০.৪৮% ভোট বিজেপিৰ বিৰুদ্ধে প্ৰদান কৰিছে ৰাইজে। গনতান্ত্ৰিক দেশ হিচাপে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ বাবেই বিজেপিয়ে চৰকাৰ গঠন কৰিছে, কিন্তু জণসাধাৰনৰ বিজেপিৰ বিৰূদ্ধে ভোটৰ সংখ্যা অধিক। বিজেপিৰ বিৰুদ্ধে হোৱা ভোটৰ সংখ্যা বহুধাবিভক্ত হৈ থকাৰ বাবেই বিজেপিয়ে চৰকাৰ গঠন কৰিছে। লোকসভা নিৰ্বাচনত বিজেপিক উৎখাত কৰিবলৈ সকলো বিৰোধী সক্ষম ।

এতিয়া বিজেপিক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কংগ্ৰেছত কৈ তৃণমূল কংগ্ৰেছৰ দায়িত্ব দুগুণ বৃদ্ধি হ’ল কাৰণ বিৰোধী দলসমূহৰ ভিতৰত ভাৰতত এখন ৰাজ্যত আটাইতকৈ অধিক সাংসদ তৃণমূল কংগ্ৰেছৰ, আজিৰ তাৰিখত ২৩ গৰাকী। এতিয়াও বিজেপিয়ে ভৱাটো উচিত নহয় যে, বিৰোধী ধুলিস্যাৎ হৈছে। বিৰোধী এতিয়াও বিজেপিক প্ৰতিহত কৰিব পৰা অৱস্থাত আছে। দেশৰ মুঠ বিধায়কৰ সংখ্যা ৪০৬৪ গৰাকী, ইয়াৰে বিজেপি মিত্ৰজোটৰ ১৮১৪ জন বিধায়ক আৰু বিৰোধীৰ বিধায়ক ২২৪৯ গৰাকী।

এই পৰিসংখ্যাসমূহে প্ৰমাণ কৰে যে বিৰোধী এতিয়াও শক্তিশালী স্থিতিতে আছে। ইণ্ডিয়া এলায়েঞ্চ একগোট হ’লে বিজেপিয়ে কোনো কাৰণতেই চৰকাৰ আৰু গঠন কৰিব নোৱাৰে। গতিকে সমূহ ৰাইজলৈ মোৰ এটাই অনুৰোধ আপোনালোকে ছত্তীচগড়, ৰাজস্থান আৰু মধ্য প্ৰদেশৰ নিৰ্বাচনৰ ফলাফলক লৈ বিভ্ৰান্ত ন’হব । আগন্তুক লোকসভা নিৰ্বাচনত “ইণ্ডিয়া এলায়েঞ্চ বনাম বিজেপি”ৰ যুদ্ধত বিজেপিৰ পৰাজয় আৰু ৰাইজৰ জয় নিশ্চিত।”

Leave A Reply

Your email address will not be published.