তিনিচুকীয়াত স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ ধৰ্ণা কাৰ্যসূচী

0 1,250

সমগ্ৰ ৰাজ্যত বিদ্যুৎ বিভাগৰ আসোঁৱাহ পূৰ্ণ স্মাৰ্ট মিটাৰৰ অধিক মাত্ৰা বিদ্যুতৰ মাচুলে জ্বলা কলা খুৱাইছে সাধাৰণ ৰাইজক । এই স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত ৰাজ্যৰ সকলোতে প্ৰতিবাদৰ জোৱাৰ উঠিছে । আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত স্মাৰ্ট মিটাৰৰ বন্ধৰ দাবীৰে তিনিচুকীয়াত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদ কাৰীয়ে স্মাৰ্ট মিটাৰ বন্ধ কৰক ,বিদ্যুৎ বিভাগ হায় ! হায় ! আদি বিভিন্ন শ্লোগানেৰে জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখ ভাগৰ আকাশ বতাহ কঁপাই তোলে । প্ৰতিবাদ স্থলীত অতি শ্ৰীঘেই ভুক্তভোগী জনসাধাৰণৰ হিতৰ কথা চিন্তা কৰি স্মাৰ্ট মিটাৰ বন্ধ কৰিবলৈ চৰকাৰলৈ দাবী উত্থাপন কৰে দাবী মানি নললে গণতান্ত্ৰিক ভাৱে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান নেতৃত্বৰ ।

Leave A Reply

Your email address will not be published.