কলিয়াবৰৰ নিৰুদ্দেশ হোৱা ব্যক্তিক বিচাৰি আৰক্ষী-বনবিভাগৰ অভিযান

0 1,247

কলিয়াবৰত এজন লোক নিৰুদ্দেশ হোৱাক লৈ সৃষ্টি হৈছে চাঞ্চ্যলৰ। খৰি কাটিবলৈ যাওঁতে পাহাৰত বন্যপ্ৰাণীয়ে আক্ৰমণ কৰাৰ সন্দেহ পৰিয়ালৰ।

কলিয়াবৰ চাহ বাগিচাৰ অন্তৰ্গত সোনাৰি শাখাৰ ৪ নং লাইনৰ সমীপৰ শিলঘাট-কামাখ্যা সংৰক্ষিত পাহাৰ বনাঞ্চলৰ অতি দুৰ্গম স্থানত উদ্ধাৰ নিৰুদ্দেশ হোৱা ব্যক্তিজনৰ হাফ পেন্ট।

সোনাৰি শাখা বাগিচাৰ হস্পিতাল লাইনৰ প্ৰায় ৫৪ বছৰীয়া মহাদেউ তচা আজিৰ পৰা ১৩ দিন পূৰ্বেই নিৰুদ্দেশ হৈছিল।

মহাদেউ তচাই প্ৰায়েই বাগিচাৰ গাতে লাগি থকা কামাখ্যা সংৰক্ষিত বনাঞ্চলত খৰি কাটিবলৈ যায়।

পৰিয়ালৰ মতে ১৩ দিন পূৰ্বেও খৰি বিচাৰি যোৱাৰ পাছৰ পৰাই নোহোৱা হৈছিল মহাদেউ।

বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰি কোনো সন্ধান নোপোৱাত শিলঘাট আৰক্ষীকো নিৰুদ্দেশ হোৱাৰ এক গোচৰ দিছিল।

আজি পুত্ৰ আৰু স্থানীয় লোকে কামাখ্যা সংৰক্ষিত বনাঞ্চল তথা পাহাৰত বিচাৰিবলৈ যাওতেই মহাদেউ তচাই পিন্ধা পেণ্ট আৰু দুঠাইত গোটাই থোৱা খৰি উদ্ধাৰ কৰে যদিও মানুহজনৰ কোনো সন্ধান নাপালে।

পাছত বিষয়টো আৰক্ষী আৰু বন বিভাগক অৱগত কৰাত আৰক্ষীৰ সহযোগত বন বিভাগে বনাঞ্চলৰ অতি দুৰ্গম স্থানত অভিযান চলাই যদিও পেন্ট আৰু খৰিৰ লগতে সমীপতে বাঘৰ খোজ প্ৰত‍্যক্ষ কৰে যদিও মানুহজনৰ কোনো সন্ধান লাভ নকৰিলে।

Leave A Reply

Your email address will not be published.