আজিৰ পৰা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন

0 4,584

এই অধিৱেশনত ৰাজহ বিভাগৰ দুখন বিধেয়ক উত্থাপনৰ লগতে ২০২৪-২৫ বৰ্ষৰ মজুৰিৰ বাবে পৰিপূৰক দাবী উত্থাপন তথা চৰকাৰী বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে।

২৭ আগষ্টত সংকল্প প্রস্তাৱ আৰু আন বহুকেইখনমান বিধেয়ক উত্থাপনৰ সম্ভাৱনা আছে। ২৮ আগষ্টত পৰিপূৰক মঞ্জুৰিৰ বাবে দাবীসমূহৰ ওপৰত আলোচনা আৰু ভোটদান হ’ব বুলি জানিব পৰা গৈছে। মুঠ ১৩খন বিধেয়ক উত্থাপন হ’ব এইবাৰৰ অধিৱেশনত।

অধিৱেশনৰ অন্তিম দিনাৰ প্ৰশ্নসমূহ, বে-চৰকাৰী সদস্যৰ কাৰ্যসূচী যেনে বিধেয়কসমূহ বিশেষ প্ৰস্তাৱ, সংকল্প প্ৰস্তাৱসমূহ ইত্যাদি, অন্যান্য চৰকাৰী কাৰ্যসূচী আৰু অনিৰ্দিষ্ট কালৰ বাবে সদন স্থগিতকৰণ আদি অন্তভুক্তৰ সম্ভাৱনা আছে ৷

এইবাৰৰ অধিৱেশনত বিৰোধী পক্ষই স্মার্ট মিটাৰ সংস্থাপনৰ ফলত বিদ্যুৎ মাচুল বৃদ্ধি, গুৱাহাটীৰ বান পৰিস্থিতি, মূল্যবৃদ্ধিকে ধৰি কেইবাটাও বিষয়ক আলোচনা হোৱাৰ সম্ভাৱনা আছে।৩০ আগষ্টলৈ চলিব এই অধিৱেশন

Leave A Reply

Your email address will not be published.