আজি কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ ঘটনাৰ শুনানি উচ্চতম ন্যায়ালয়ত

0 8,916

এই শুনানিৰ সময়তে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে যুৱতী চিকিৎসকগৰাকীৰ সৈতে সংঘটিত হোৱা ভয়াৱহ ঘটনাই সমগ্ৰ দেশতে এক ভয়াবহ পৰিবেশৰ সূচনা কৰা বুলি উল্লেখ কৰে।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ অধ্যক্ষতাত ন্যায়াধীশ জে বি পাৰদিৱালা, ন্যায়াধীশ মনোজ মিশ্ৰৰ তিনিজনীয়া বিচাৰপীঠে গ্ৰহণ কৰা এই গোচৰৰ শুনানিতে কেৱল কলাকাতাই নহয়, হায়দৰাবাদ, আহমেদাবাদ, বিহাৰসহ আন আন ঠাইত চিকিৎসক এইদৰে আক্ৰান্ত হ’বলগীয়া হৈছে বুলিও কয়।

সেয়ে চিকিৎসকৰ সুৰক্ষাৰ সন্দৰ্ভত এই তিনিজনীয়া বিচাৰপীঠে এক ৰাষ্ট্ৰীয় টাস্ক ফ’ৰ্চ গঠনৰ নিৰ্দেশ প্ৰদান কৰিছে। এই টাস্ক ফ’ৰ্চে তিনি সপ্তাহৰ ভিতৰত তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিব লাগিব। জাতীয় টাস্ক ফ’ৰ্চৰ সদস্য হিচাপে থাকিব কেন্দ্ৰীয় সচবিসকল।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে টাস্ক ফ’ৰ্চ গঠনৰ নিৰ্দেশ প্ৰদান কৰি এই টাস্ক ফ’ৰ্চ কিদৰে গঠন কৰা হ’ব সেয়াও ঠিক কৰি দিছে।

Leave A Reply

Your email address will not be published.