ৰাজ্য চৰকাৰক কঠোৰ সকীয়নি অসম জাতীয় পৰিষদৰ

0 4,013

‘খিলঞ্জীয়া জনগণে অসুৰক্ষিত অনুভৱ কৰাৰ পৰিৱেশ সৃষ্টিত উদগণি নোযোগাব’

অসমৰ খিলঞ্জীয়া জনগণে অসুৰক্ষিত অনুভৱ কৰিব পৰা পৰিৱেশ সৃষ্টিৰ সুযোগ কোনো শক্তিক নিদিবলৈ ৰাজ্য চৰকাৰক সকীয়াই দিছে অসম জাতীয় পৰিষদে৷

শিৱসাগৰত এগৰাকী কিশোৰী খেলুৱৈক অলপতে দুস্কৃতিকাৰীয়ে নিগৃহীত কৰাৰ পিছত আৰক্ষী-প্ৰশাসনে গ্ৰহণ কৰা ভূমিকাই সমগ্ৰ ৰাজ্যজুৰি খিলঞ্জীয়া জনগণৰ মনত ব্যাপক ক্ষোভ পুঞ্জীভূত হোৱা বুলি উল্লেখ কৰি আজি এক প্ৰেছ বিজ্ঞপ্তিত জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পাছত সময়ে সময়ে অসমবিৰোধী মানসিকতাৰ ব্যক্তিৰ হাতত খিলঞ্জীয়া লোক নিগৃহীত হোৱাৰ অসংখ্য ঘটনা ঘটিছে৷ আনকি তেনে ব্যক্তিৰ হাতত জাতীয় সংগঠনৰ নেতা-কৰ্মীও নিগৃহীত হৈছে৷ কিন্তু এনেবোৰ ঘটনাৰ ক্ষেত্ৰত আৰক্ষী তথা চৰকাৰৰ পক্ষপাতমূলক আচৰণে খিলঞ্জীয়া জনগণৰ মনত ক্ষোভৰ সৃষ্টি কৰি আহিছে৷ শিৱসাগৰত জাতীয় সংগঠনসমূহ শেহতীয়াকৈ প্ৰতিবাদমুখৰ হোৱাৰ কাৰণ এইটোহে৷

জাতীয় পৰিষদৰ নেতাদ্বয়ে কয়, “অসমত সকলো বৈধ ভাৰতীয় জাতি-জনগোষ্ঠীৰ লোক সমিলমিলেৰে থকাটো কাম্য৷ কোনো জাতি-জনগোষ্ঠীৰ মাজত বিভেদ কোনো অৱস্থাতে সমৰ্থন কৰিব নোৱাৰি৷ বৰং তেনে বিভেদ সৃষ্টিৰ যিকোনো প্ৰয়াস কলিতে নাইকীয়া কৰিব লাগিব৷ কিন্তু খিলঞ্জীয়া জনগণৰ প্ৰতি কিছু অসমবিদ্বেষী মানসিকতাৰ লোকৰ আচৰণৰ প্ৰতি চৰকাৰী যন্ত্ৰৰ পক্ষপাতমূলক আচৰণ যেতিয়া ৰাইজে অসহায়ভাৱে প্ৰতক্ষ্য কৰি থাকিবলগীয়া হয়, তেতিয়া ৰাইজৰ মনত ক্ষোভ পুঞ্জীভূত হোৱাটো স্বাভাৱিক৷ তেনে ক্ষোভ নিৰসনেৰে শান্তি-সম্প্ৰীতিৰ বাতাবৰণ সৃষ্টি কৰাটো চৰকাৰৰ দায়িত্ব৷ কিন্তু তাকে নকৰি বিজেপি চৰকাৰ জনগোষ্ঠীসমূহৰ মাজত বিভেদ বৃদ্ধি হোৱাৰ পৰিৱেশ সৃষ্টিত উদগণি যোগোৱাহে পৰিলক্ষিত হৈছে৷”

অসমৰ খিলঞ্জীয়া জনগণে অসুৰক্ষিত অনুভৱ কৰিব পৰা পৰিৱেশ নাইকীয়া কৰাৰ স্বাৰ্থত আৰক্ষী তথা প্ৰশাসনক নিৰপেক্ষ আৰু আইনসিদ্ধভাৱ পৰিচালনা কৰিবলৈ জাতীয় পৰিষদৰ নেতাদ্বয়ে চৰকাৰক দাবী জনায়৷

Leave A Reply

Your email address will not be published.