পবিত্ৰ ভাদ মাহ উপলক্ষ্য হৰি নামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ আকাশ বতাহ

0 3,470

আজিৰে পৰা আৰম্ভ হল অসমীয়া জাতীয় জীৱনৰ পৱিত্ৰ ভাদ মাহ। প্ৰতিটো নামঘৰ পুৱাৰে পৰা হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিল গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান।

এই পৱিত্ৰ ভাদ মাহৰ আজি পহিলা দিনটোৰ পৰা শেষৰ দিনলৈ এমাহজুৰি ভকত বৈষ্ণৱ, আই মাতৃ সকলে হৰি নাম কীৰ্তনৰে মুখৰিত কৰি তুলিব বটদ্ৰৱাৰ আকাশ বতাহ।

যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰতো আৰম্ভ হ’ল মাহজোৰা পালনাম। পুৱাই খোল–তাল–ডবা–শংখৰ ধ্বনিৰে মুখৰিত হ’ল ঢেকীয়াখোৱা বৰনামঘৰ। হৰি নামৰ ৰসেৰে মুখৰিত হৈছে চৌপাশ।

ইফালে আজি পুৱা বটদ্ৰৱা থানলৈ আগমন ঘটিছে তীৰ্থযাত্ৰী, ভকত বৈষ্ণৱৰ। পহিলা ভাদ উপলক্ষে ভকত বৈষ্ণৱৰ উপস্থিতিত আধ্যাত্মিক পৰিবেশ বিৰাজ কৰিছে।

Leave A Reply

Your email address will not be published.