বিধ্বস্ত পথ নিৰ্মাণৰ দাবীৰে শিলচৰ-এছ এম চি হাস্পতাল পথ অৱৰোধ

0 1,245

 শিলচৰ মেডিকেল কলেজ‌ হাস্পতাল, অসম বিশ্ববিদ্যালয়, এন আই টি আৰু পলিটেকনিকলৈ অহা যোৱা কৰা ৰোগী আৰু ছাত্ৰ-ছাত্ৰীসকল ভীষণ সমস্যাত পৰিছে। পথছোৱাৰ মেহেৰপুৰত প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ‌ গাতৰ সৃষ্টি হোৱাত প্ৰায় প্ৰতিদিনে বাইক স্কুটী আৰু ইৰিক্সাসমূহ দুৰ্ঘটনাৰ কবলত পৰিব লগা হৈছে ।

পথছোৱা মেৰামতি কৰিবলৈস্থানীয়‌ লোকে বাৰম্বাৰ প্ৰশাসন আৰু লোক নিৰ্মাণ বিভাগক আবেদন কৰাৰ পিচতো আজিলৈ কোনো ফল নধৰিলে।‌সেয়ে শুকুৰবাৰে পথ অবৰোধ কৰিবলৈ বাধ্য হৈছে স্থানীয় লোকসকল।

শিলচৰৰ বিধায়ক-সাংসদ হায় হায়, শিলচৰ প্ৰশাসন হায় হায়,শিলচৰ প্ৰশাসন মুৰ্দাবাদ , আমাক পথ লাগে আদি শ্লোগান দি পৰিস্থিতি উত্তপ্ত কৰে অৱৰোধকাৰীসকলে।‌ বৰাকৰ অতি গুৰুত্বপূৰ্ণ এই পথটোৰে বৰাকৰ লোকসকলে যাতায়ত কৰে।

Leave A Reply

Your email address will not be published.