কলিয়াবৰৰ ৰহধলা পঞ্চায়ত ৰিলিফৰ সামগ্ৰী সৰলুকি

0 7,675

কলিয়াবৰ ত বানাক্ৰান্তৰ বাবে ৰহধলা পঞ্চায়তত মজুত ৰখা সামগ্ৰী চুৰী কৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি।

পঞ্চায়তত মজুত থকা । পৰিমল দাস আৰু মিছামুখ পামৰ চৰকাৰী গাঁও প্ৰধান বলোৰাম ওৰাঙে চাউল ভৰ্তি বস্তা বিক্ৰী কৰিবলৈ নিয়াক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে পৰিস্থিতি

সমবেত হয় শ শ বানাক্ৰান্ত ৰাইজ। বান সাহাৰ্য আত্মসাৎ কৰা গাঁও প্ৰধান আৰু পৰিমলক গ্ৰেপ্তাৰৰ দাবী।ঘটনাস্থলিত কলিয়াবৰৰ কাৰ্যবাহী দণ্ডাধীশ উপস্থিত হৈ পঞ্চায়ত কাৰ্যালয়ৰ পৰা লৈ যায় বান সাহাৰ্যৰ ৰাহি চাউল ,দালি আৰু ব্লিচিং পাউদাৰ। ইফালে ঘটনাস্থলিত স্থানীয় উলুৱনী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে দুয়োজন লোকক সুধ-পোচৰ বাবে লৈ আনে উলুৱনী আৰক্ষী নিবেশলৈ।

Leave A Reply

Your email address will not be published.