তেল চুৰিৰ চক্ৰৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ ৰকিবুল হুদাক

0 2,367

অৱশেষত আত্মসমৰ্পণ কৰিলে বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাই।জানিব পৰা মতে, উলুৱনি আৰক্ষী থানাত আত্মসমৰ্পণ কৰিছে তেল চুৰি গেঙৰ সৈতে নাম সাঙোৰ খোৱা ৰকিবুল হুদাই। আত্মসমৰ্পনৰ পাছতে হুদাক কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যায় আৰক্ষীয়ে।

বিগত ৪৮ ঘণ্টা ধৰি আৰক্ষীয়ে তেল চুৰি চক্ৰটোৰ বিৰুদ্ধে গুৱাহাটী, ৰূপহীত অভিযান চলাই আছিল। ইতিমধ্যে, শনিবাৰে এই ঘটনাৰ সৈতে জড়িত ৫জনক গ্ৰেপ্তাৰ কৰিছে কলিয়াবৰ আৰক্ষীয়ে।

Leave A Reply

Your email address will not be published.