বিহাৰৰ হাজীপুৰত শোকাৱহ ঘটনা

0 3,478

বলবম যাত্ৰীৰ বাহনত লাগিল ১১ হাজাৰ ভল্টৰ তাঁৰ

বিহাৰৰ বৈশালীত এক শোকাৱহ ঘটনা সংঘটিত । শাওন মাহ উপলক্ষে কেইবাজনো যুৱকে দেওবাৰে এক ধৰ্মীয় স্থানীৰ ঘাটৰ পৰা পানী আনিবলৈ গৈছিল কিন্তু৷ উচ্চ স্তৰত ডিজে (DJ) বজাই যোৱা বাহনখনক মাতি আছিল কালে।

বাহনখনৰ ওপৰৰ অংশত লগোৱা হৈছিল কেবাটাই মাইক ৷ বৈশালীৰ হাজীপুৰ ঔদ্যোগিক থানাৰ অন্তৰ্গত এক স্থানত সেই মাইকবোৰ পথৰ মাজেৰে পাৰ হৈ যোৱা হাই ভলল্টেজ তাঁৰত লাগি যায় ৷ ফলত চৰ্ট শ্বাৰ্কিট হৈ ৯ জন কিশোৰৰ মৃত্যু হয়।

এই ঘটনাত গুৰুতৰভাৱে আহত হৈ বৰ্তমান চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজ দি আছে অন্য দুজন যুৱকে ৷

Leave A Reply

Your email address will not be published.