কেৰালাৰ ভূমিস্খলনত মৃতকৰ সংখ্যা ৩৫৮জনলৈ বৃদ্ধি!

0 4,469

কেৰালা চৰকাৰে সদৰী কৰা শেহতীয়া তথ্য অনুসৰি ভূমিস্খলনত নিহতৰ সংখ্যা শনিবাৰে ৩৫৮লৈ বৃদ্ধি পাইছে।

কেৰালাৰ ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰতিমুহূৰ্তত বৃদ্ধি পাই আছে। কেৰালা চৰকাৰে সদৰী কৰা শেহতীয়া তথ্য অনুসৰি ভূমিস্খলনত নিহতৰ সংখ্যা শনিবাৰে ৩৫৮লৈ বৃদ্ধি পাইছে। উদ্ধাৰকাৰীসকলে ধ্বংসাৱশেষৰ তলত আৰু ধ্বংসপ্ৰাপ্ত ঘৰবোৰত আৱদ্ধ হৈ থকা লোকসকলক বিচাৰিবলৈ ৰাডাৰ ব্যৱহাৰ কৰিছে। কেৰালা চৰকাৰে কেন্দ্ৰক উদ্ধাৰ অভিযানত সহায় কৰিবলৈ ৰাডাৰ প্ৰেৰণ কৰিবলৈ অনুৰোধ কৰিছিল। শনিবাৰে দিল্লীৰ Tiranga Mountain Rescue Organisationৰ পৰা নৰ্দাৰ্ণ কমাণ্ডৰ এটা জাভাৰ ৰাডাৰ আৰু চাৰিটা ৰিকো ৰাডাৰক বিমানেৰে ৱায়ানাড়লৈ লৈ যোৱা হয়।

কেৰালাৰ ৱায়ানাড়ত সংঘটিত হোৱা ভয়ংকৰ ভূমিস্খলনত মৃতকৰ সংখ্যা ৩৫৮জনলৈ বৃদ্ধি পাইছে। ড্ৰোণ আৰু স্নিফাৰ ডগেৰেও উদ্ধাৰকাৰী দলে চলাই আছে অভিযান। এতিয়াও ভূমিস্খলনৰ ফলত সৃষ্টি হোৱা ধ্বংসস্তুপত বহুলোক আবদ্ধ হৈ আছে। ভাৰতীয় সেনা, নৌসেনা, ক’ষ্ট গাৰ্ড আৰু SDRF, NDRFৰ অভিযানকাৰী দলে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত চলাই বিগত পাঁচ দিন ধৰি ধাৰাবাহিক অভিযান চলাই আছে।

Leave A Reply

Your email address will not be published.